
গোলাঘাট, ০১ জানুৱাৰী (হি.স.): গোলাঘাটৰ খুমটাই সমষ্টিৰ অন্তৰ্গত যোগিবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্রত অনুষ্ঠিত হৈছে ফুলৰ মেলা ২০২৩। বিভিন্ন প্ৰজাতিৰ ফুলৰ সমাহাৰেৰে অনুষ্ঠিত হৈছে এই ফুলৰ মেলা। বিগত বৰ্ষত ব্যাপক সফলতাৰ পিছত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ দ্বাৰা দ্বিতীয় বাৰৰ বাবে পুনৰ আয়োজিত হৈছে ফুলৰ মেলা।
তিনিদিনীয়াকৈ অনুস্থিত হোৱা ফুলৰ মেলাত দ্বিতীয় দিনাও যথেষ্ট দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হয়। ২০২৩ বৰ্ষক বিদায় দি নববর্ষ ২০২৪ ক আদৰিবৰ বাবে খুমটাইবাসীৰ সহযোগত বিধায়ক গৰাকীৰ এই প্ৰচেষ্টা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ফুলৰ বিপনীয়ে অংশ গ্ৰহণ কৰে এই ফুল মহোৎসৱত। ফুলৰ সুবাদত আমোলমোল হৈ পৰে যোগীবাৰী গ্ৰাম্য পৰ্যটন স্থলীৰ চৌহদ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
