
কাৰ্বি আংলং, ০১ জানুৱাৰী (হি.স.): কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত বালিপথাৰৰ সমীপৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱকালি দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ।এখন ইনভা বাহন আৰু ডি আই বাহনৰ মাজত সংঘটিত হৈছে উক্ত পথ দুৰ্ঘটনাটো ।
জানিব পৰা অনুসৰি ইনভা বাহনখনে একে দিশৰ পৰা গৈ থকা এখন ডি আই বাহনক খুন্দা মাৰি পুনৰ এখন যাত্ৰীবাঁহী বাছত খুন্দা মাৰে উক্ত দুৰ্ঘটনাটোৰ ফলত ইনভা বাহনখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ সমান্তৰালভাৱে ইনভা বাহন খনত থকা এগৰাকী মহিলাসহ চাৰিজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি আৰক্ষীৰ পৰা জানিব গৈছে। ইনভা বাহনখন গুৱাহাটীৰ পৰা আহি দেউপানী অভিমুখে গৈ থকাৰ সময়তে উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাটোত গুৰুত্বভাবে আহত হয়, দেউপানী বাগানৰ স্বতাধিকাৰী পবিৰ ৰয়, তেওঁৰ পৰিবাৰ, পুত্ৰ আৰু তেওঁৰ গাড়ী চালক নুপুৰ চৰকাৰ।আঘাতপ্ৰাপ্ত লোককেইজনক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে যদিও পবীৰ ৰয়ৰ পুত্ৰ অৱস্থা অতি শোচনীয় বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
