নগাঁও, ৩০ ডিছেম্বৰ (হি.স.): নগাঁৱৰ জুৰীয়া উন্নয়ন খণ্ডৰ অধীনৰ সোনাইবেৰা শিমলু আটি গাওঁ পঞ্চায়তত, গাওঁ পঞ্চায়তৰ সমন্বয়কে ঘৰ আবন্টনৰ নামত ধন আত্মসাত কৰাৰ অভিযোগ উঠিছে। নগাঁৱৰ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তগত সোনাই বেৰা শিমলুআটি গাওঁ পঞ্চায়ত বাৰ্ড সদস্য সকলৰ লগতে স্থানীয় ৰাইজে এই অভিযোগ তুলিছে ।
জিলা খনৰ জুৰীয়া উন্নয়ন খণ্ডৰ অধীনৰ সোনাই বেৰা শিমলু আটি গাওঁ পঞ্চায়তৰ সমন্বয়(জি পি চি)আবুবক্কৰ ছিদ্দিকৰ ঘৰ আবন্টনৰ কেলেংকাৰী তথ্য ফাদিল হোবাৰ পাছত ক্ষোভত হৈ পৰিছে স্থানীয় ৰাইজ ৷ স্থানীয় ৰাইজ আৰু বাৰ্ড সদস্য সকলে মিলি দূৰ্নীতি গ্ৰস্ত সচিব, প্ৰতিনিধি, জি আৰ এচ আৰু জি পি চি আবুবক্কৰ ছিদ্দিকৰ বিৰুদ্ধে জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিছিল৷
জানিব পৰা মতে অভিযোগ অনুসৰি সোনাই বেৰা শিমলু আটি গাওঁ পঞ্চায়তৰ সমন্বয়ক (জি পি চি) আবুবক্কৰ ছিদ্দিকে জনপ্ৰতিনিধিক অন্ধকাৰত ৰাখি ২০২১—২২বৰ্ষ প্ৰধানমন্ত্ৰী আবাস যোজনা গ্ৰাম্য ঘৰ আবন্তনৰ নামত ব্যাপক দুৰ্নীতি কৰি লাখ লাখ টকাৰ আত্মসাত কৰে ৷ জি পিচি জনে নিজ খিয়াল খুচি মতে যিসকল উপভুক্তাই ঘৰ পাব লাগে তেওঁলোলকক ঘৰ নাম নিদি ধনী লোক সকলক বেলেগৰ আই ডি জৰিয়তে বহু টকাৰ বিনিময়ত ঘৰ আবন্তন দিয়ে। এইবোৰ অভিযোগ বাৰ্ড সদস্য সকলে অনা কথা ৷ ইয়াৰে ১১জন লোকক বহু টকাৰ বিনিময়ত ঘৰ আবন্তন দিয়ে ৷ ইফালে ৭নম্বৰ বাৰ্ডত এজন লোকে নিজে বনাই থোবা ঘৰত ফলক লগাই দুতা ঘৰৰ টকা উঠাই লৈ যোৱাৰ প্ৰমান দি অভিযোগ আনিছে ৷ ইয়াৰ ওপৰিও ১০নম্বৰ ৱাৰ্ডত মাক পুতেকক দুটা ঘৰ আৱন্তন দি সেই ঠাইত এটা ঘৰ বনাই উপভোক্তাৰ লগত মিলি টকা আত্মসাত কৰাৰ অভিযোগ আনিছে ৷
আনহাতে আান এজনে আকৌ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ লৈ নিজৰ আসাম টাইপৰ ঘৰত সংযোগ কৰি বনাই কোনো ফলক নলগাই জি পি চিৰ লগত মিলি টকা আত্মসাত কৰে ৷ এনেদৰে বহু কেলেংকাৰী কৰাৰ পিছত অভিযোগৰ ভিত্তিত যোৱা কালি বিভাগৰ ফালৰ পৰা চৰকাৰে নিযুক্তি দিয়া লোকপাল বিষয়া এগৰাকী পঞ্চায়ততো পৰিদৰ্শনৰ বাবে উপস্থিত হয় ৷
বিষয়া গৰাকীয়ে জনপ্ৰতিনিধি, সদস্য আৰু স্থানীয় লোক সকলক লগত লৈ স্থান বিলাকত উপস্থিত হৈ অনুসন্ধান কৰে ৷ পিছত সকলো কেলেংকাৰী ধৰা পৰাৰ পিছত সংবাবাদিকৰ আগত দুৰ্নীতিৰ বিষয়বোৰ অবগত কৰি কয় যে তেওঁ এই সকলোবোৰ অভিযোগ উপায়ুক্তৰ আগত দাখিল কৰিব ৷ সেয়ে এই সংঘটিত এনে পৰ্বতসম দূৰ্নীতিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষনীয় হৈ পৰিব ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
