-নিযুক্তি সম্পৰ্কীয় সকলো নথি সমিতিৰ আগত দাখিল কৰাৰ নিৰ্দেশনা
কাঠমাণ্ডু, ২৯ ডিছেম্বৰ (হি.স.)। হিন্দু ধৰ্মৰ আস্থাৰ কেন্দ্ৰ পশুপতিনাথ মন্দিৰ ট্ৰাষ্টত এগৰাকী খ্ৰীষ্টান মহিলাক নিযুক্তি দিয়াৰ বিৰুদ্ধে নেপালৰ সংসদীয় সমিতিযে প্ৰতিবাদ জনাইছে। শেহতীয়াকৈ ট্ৰাষ্টৰ কাৰ্যবাহী সঞ্চালকৰ পদত নিযুক্তি সন্দৰ্ভত সমগ্ৰ দেশতে হুলস্থুলৰ সৃষ্টি হৈছে।
শেহতীয়াকৈ পশুপতি আঞ্চলিক উন্নয়ন পুঁজিৰ কাৰ্যবাহী সঞ্চালক পদত লক্ষ্মী পুন নামৰ এগৰাকী মহিলাক নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰীয়ে। ইয়াৰ পূৰ্বে মাওবাদী দলৰ সক্ৰিয় কৰ্মী আৰু দলীয় সদস্য পুনৰ নিযুক্তি সন্দৰ্ভত তেওঁৰ অৰ্হতাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। স্থানীয় সংবাদ মাধ্যমত যেতিয়া লক্ষ্মী পুন খ্ৰীষ্টান বুলি দাবী কৰা হৈছিল, তেতিয়া বিষয়টো সংসদীয় সমিতিৰ ওচৰ পালেগৈ।
খ্ৰীষ্টান ধৰ্মত বিশ্বাস নকৰাসকলক বিশ্বাসঘাতক বুলি ঘোষণা কৰি বিতৰ্কৰ মাজত সোমাই পৰা বিতৰ্কৰ পৰা মুক্ত নোহোৱাতেই সাংস্কৃতিক মন্ত্ৰী চুডান কিৰাণ্টীয়ে পশুপতিনাথ ট্ৰাষ্টত এগৰাকী খ্ৰীষ্টান মহিলাক নিযুক্তি দিয়াৰ সন্দৰ্ভত পুনৰবাৰ বিতৰ্কৰ মাজত সোমাই পৰে । পৰ্যটন বিষয়ক সংসদীয় সমিতিৰ বৈঠকত সাংসদসকলে হিন্দুসকলৰ বিশ্বাসৰ কেন্দ্ৰ পশুপতিনাথ মন্দিৰ ন্যাসত এগৰাকী খ্ৰীষ্টান মহিলাক নিযুক্তি দিয়াৰ বিৰোধিতা কৰাই নহয়, তেওঁৰ নিযুক্তিৰ সৈতে জড়িত সকলো নথি-পত্ৰ সংসদীয় সমিতিত দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে তিনিদিনৰ ভিতৰত।
সংসদীয় সমিতিৰ বৈঠকৰ অন্তত সমিতিৰ অধ্যক্ষ ৰাজকিশোৰ যাদৱে জাৰি কৰা নিৰ্দেশ অনুসৰি লক্ষ্মী পুনৰ নিযুক্তি সম্পৰ্কীয় সকলো নথি তিনিদিনৰ ভিতৰত দাখিল কৰিবলৈ কোৱা হৈছে। ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ সাংসদ ড০ ধৱাল শমশ্বেৰ ৰাণাই লক্ষ্মী পুন বাস কৰা ঘৰৰ স্বত্বাধিকাৰীয়ে খ্ৰীষ্টান হোৱাৰ প্ৰমাণ স্থানীয় সংবাদ মাধ্যমক প্ৰদান কৰি নিয়মীয়াকৈ গীৰ্জালৈ গৈ প্ৰাৰ্থনা কৰা বুলি জানিবলৈ দিয়ে। সাংসদ ৰাণাই কয় যে যদি এই কথা সঁচা হয় তেন্তে লক্ষ্মী পুনক ট্ৰাষ্টত নিযুক্তি দিয়াটো কোটি কোটি হিন্দুৰ ধৰ্মীয় আৱেগৰ ওপৰত আক্ৰমণ।
নেপালৰ সাংস্কৃতিক মন্ত্ৰীৰ বিৰুদ্ধে খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ আৰু পশুপতিনাথ ট্ৰাষ্টৰ পৰা লুম্বিনি ট্ৰাষ্টলৈকে খ্ৰীষ্টানসকলক অনুপ্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছে।
হিন্দুস্থান সমাচাৰ/পংকজ/মনোজ
