ওদালগুৰি, ২৯ ডিছেম্বৰ (হি স)। নতুন বছৰৰ এক ইতিবাচক খবৰ কঢ়িয়াই আনিছে ওদালগুৰিৰ ৰজাগঢ়ত স্থাপন কৰা স্নেহ পল্টী নামৰ কনী উৎপাদন কেন্দ্ৰটোয়ে। একে লগে একেখন ফাৰ্মত ডেৰ লাখ মুৰ্গী পালন কৰি ৰাজ্যৰ ভিতৰতেই সৰ্বাধিক কনী উৎপাদন কেন্দ্ৰ স্থাপন হ’বলৈ আগবাঢ়িছে ওদালগুৰিৰ ৰজাগঢ়ৰ স্নেহ পল্টী।
উল্লেখ্য় যে ওদালগুৰি জিলাৰ টংলা চহৰৰ দুই উদ্যমী যুৱকৰ বিশেষ প্ৰচেষ্টাত জিলাখনৰ ৰড়াগঢ়ত গঢ়ি উঠিছে স্নেহ পল্টী নামৰ এক লেয়াৰ ফাৰ্ম। ইতিমধ্যে আৰম্ভ হৈছে লেয়াৰ ফাৰ্মৰ সকলো কাম। লগতে দুই যুৱ ব্যৱসায়ীৰ উদ্যোগত নিজৰ জিলাতেই মুকলি হৈছে ওদালগুৰিৰ ডেৰ শতাধিক যুৱক-যুৱতীৰ সংস্থাপনৰ বাট। টংলাৰ অজয় ডেকা আৰু শ্যাম পান নামৰ দুই উদ্যমী ব্যৱসায়ীৰ উদ্যোগত ওদালগুৰি জিলাৰ ভূটান সীমান্তৱৰ্তী অঞ্চলৰ নলাপাৰা ৰজাগঢ়ত স্থাপন কৰা হৈছে আধুনিক প্ৰযুক্তিবিদ্যাৰে পৰিপূৰ্ণ এটি কনী উৎপাদন কেন্দ্ৰ। স্নেহ পল্টী লেয়াৰ ফাৰ্ম নামৰ এই কনী উৎপাদন কেন্দ্ৰত একেলগে পালন কৰা হৈছে ডেৰ লাখ মুৰ্গী। এই মুৰ্গীবোৰৰ কৃটিম প্ৰজননৰ জৰিয়তে প্ৰতিদিনে উৎপাদন হ’ব প্ৰায় ডেৰ লাখ কনী। ইয়াৰ বাবে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি মুৰ্গী পালন আৰম্ভ কৰা হৈছে আৰু কেইদিনমান পিছতেই মুৰ্গীবোৰে কনী পাৰিবলৈ আৰম্ভ কৰিব।
ইয়াত উৎপাদিত কনীৰে ওদালগুৰি জিলাৰ লগতে জিলাখনৰ চুবুৰীয়া দৰং, শোণিতপুৰ, তামোলপুৰ আৰু বাক্সা জিলাৰ কনীৰ চাহিদা পুৰণ কৰিব পাৰিব বুলি আশাবাদী ফাৰ্মৰ স্বত্বাধিকাৰী তথা উদ্যমী ব্যৱসায়ীসকল। ইপিনে, ফাৰ্মৰ প্ৰায় ডেৰ লাখ মুৰ্গীৰ কাৰণেও স্থানীয়ভাবে দানা প্ৰস্তুতকৰাৰ কাৰখানাও ইতিমধ্যে নিৰ্মাণ কৰিছে উদ্যমী ব্যৱসায়ীসকলে। এই দানা উৎপাদন কেন্দ্ৰত স্থানীয় খেতিয়কৰ দ্বাৰা উৎপাদিত কৃষি সামগ্ৰীৰ পৰাই মুৰ্গীৰ দানা উৎপাদন কৰি নিজৰ ফাৰ্মখনৰ লগতে জিলাখনত দানাৰ যোগান দিব পাৰিব বুলি আশাবাদী উদ্যমী ব্যৱসায়ী অজয় ডেকা আৰু শ্যাম পাল।
প্ৰায় তিনি বছৰ পূৰ্বৰ পৰাই পৰিকল্পনা কৰাৰ পিছত ২০২৩ বৰ্ষৰ বিদায়ী বেলাত আৰম্ভ কৰা এই কনী উৎপাদন কেন্দ্ৰত স্থানীয় প্ৰায় ডেৰ শতাধিক যুৱক-যুৱতীয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাবে সংস্থাপন লাভ কৰিছে। সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতি আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগেৰে ওদালগুৰিৰ অতি ভিতৰুৱা অঞ্চলত গঢ়ি উঠা এই কনী উৎপাদন কেন্দ্ৰৰ সকলো কাম কাজ আশানুৰূপভাবে আগবাঢ়ি গলে অতি শীঘ্ৰে ৰাজ্যৰ ভিতৰেই সৰ্বাধীক কনী উৎপাদন কেন্দ্ৰ হিচাপে স্নেহ পল্টীয়ে ৰাজ্যৰ কনীৰ বজাৰ দখলৰ লগতে বহিঃৰাজ্যৰ পৰা আমদানি হ’বলগীয়া কনীৰ পৰিমান হ্ৰাস কৰিব পাৰিব বুলি আশাবাদী প্ৰতিষ্ঠানটোৰ সৈতে জড়িত ব্যৱসায়ীসকলৰ লগতে স্থানীয় লোকসকল।
একালত বিদ্ৰোহী সংগঠনৰ অস্ত্ৰৰ ঝনঝনিত কঁপি উঠা ওদালগুৰি জিলাৰ ভূটান সীমান্তৱৰ্তী অঞ্চলত শান্তি প্ৰতিষ্ঠা হোৱাৰ লগে লগে উদ্যমী যুৱকসকলৰ প্ৰচেষ্টাত উদ্যমিয়তাৰ এক উৎকৃষ্ট নিদৰ্শন দেখুওৱাৰ লগতে স্থানীয় যুৱক-যুৱতীসকলৰ সংস্থাপনৰ বাট মোকলাবলৈ সক্ষম হৈছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
