









































যোৰহাট, ২৮ ডিচেম্বৰ ( হি স )। যোৰহাট জিলাৰ টীয়ক নগৰৰ মাজমজিয়াত থকা দি জিম (The Gym)ৰ প্ৰশিক্ষক শান্তনু বৰাই শেহতীয়াকৈ বডিবিল্ডংৰ বহু কেইটা খিতাপ দখল কৰি টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে। আজি জীমত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত জীমৰ প্ৰশিক্ষাৰ্থী সকলৰ লগতে কৰ্তৃপক্ষৰ হৈ সঞ্জয় সভাপণ্ডিতে টীয়কৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত খেলুৱৈ গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে লগতে আগলৈও এইদৰে টীয়কৰ নাম উজ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে।
উল্লেখযোগ্য এই যে শান্তনুৱে এইবৰ্ষত ইতিমধ্যে বিভিন্ন বডি বিল্ডিঙৰ প্ৰতিযোগিতাৰ ভিতৰত যোৰহাটত অনুষ্ঠিত প্ৰতিযোগিতাত আপাৰ আচাম ৰাণাৰ্চ আপ আৰু বেষ্ট পজাৰ খিতাপ অৰ্জন কৰি চিলেক্টন হৈ গুৱাহাটীৰ সোণাৰাম খেল পথাৰত প্ৰায় ২০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা মি: আসাম প্ৰতিযোগিতাত শীৰ্ষৰ পাঁচ নম্বৰ স্থানত লাভ কৰি মি: ইণ্ডিয়া খেলিবলৈ সুযোগ পাইছে।ইপিনে এন পি চি ৱল্ডৱাইড ইণ্ডিয়া (world wide India) ৰ তত্বাৱধানত অনুষ্ঠিত মিষ্টাৰ যোৰহাট প্ৰতিযোগিতাত চিনিয়ৰ বডিবিল্ডঙৰ ৬০ কেজি শাখাত সোণৰ পদক পদক আৰু সকলো শাখাৰ ভিতৰত ৰাণাৰ্চ আপৰ খিতাপ অৰ্জন কৰাৰ লগতে মেন ফিজিক শাখাত সোণৰ পদক লাভ কৰিছে যুৱ ক্ৰীড়াবিদ শান্তনুৱে।
আজি সম্বৰ্ধনা লাভ কৰি উৎফুল্লিত শান্তনুৱে এই ক্ষেত্ৰত তেওঁক সৰ্বতো প্ৰকাৰে সহযোগিতা আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জনাই দৈনন্দিন ব্যস্ততাৰ পৰা সকলোকে অন্তত: দিনটোৰ ভিতৰত এটা ঘন্টা সময় উলিয়াই নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ’বলৈ আহ্বান জনাই আৰু এই ক্ষেত্ৰত বিশেষকৈ টীয়কয়া নৱ প্ৰজন্মক আগুৱাই নিয়াত তেওঁ পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
