বাক্সা, ২৮ ডিছেম্বৰ (হি স)। ৰাজ্যলৈ সুবাৰ্তা কঢ়িয়াই ১৯ বছৰ অনুৰ্ধৰ ভাৰতীয় মহিলা ফুটবলৰ বাচনি শিবিৰলৈ আমন্ত্রণ পোৱা বাক্সাৰ জ্ঞাতিগাঁৱৰ ভূমিকা সূত্ৰধৰক সম্বৰ্ধনা জনায় বিটিআৰৰ শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ জয় মুছাহাৰীয়ে। বাক্সাৰ কমলাবাৰী ষ্টেডিয়ামত অসম ৰাজ্যিক মহিলা ফুটবল লীগ চলি থকাৰ সময়তে যোৱাকালি বুধবাৰে নিশা ভূমিকা সূত্ৰধৰক সম্বৰ্ধনা জ্ঞাপন কৰে পাৰিষদ গৰাকীয়ে।
ভূমিকা সূত্ৰধৰক পাৰিষদ জয় মুছাহাৰীয়ে আৰণাই, ফুলৰ থোপা আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে নিজৰ ১ মাহৰ দৰমহাৰ চেক প্ৰদান কৰে। ভূমিকা সূত্ৰধৰক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত অসম ফুটবল সংস্থা আৰু শালবাৰী জিলা ক্ৰীড়া সংস্থাৰ কেবাগৰাকীও বিষয়ববীয়াৰ লগতে অঞ্চলটোৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
