যোৰহাট, ২৭ ডিছেম্বৰ ( হি স )। যোৰহাটৰ বিস্ফোৰণৰ আলম লৈ আটক খৰা তিতাবৰৰ যুৱক দিপাংকৰ গগৈৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি তিতাবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। দিপাংকৰ গগৈৰ মৃত্যুক লৈ এতিয়াও তিতাবৰত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে বিভিন্ন দল সংগঠনৰ মাজত ৷ দিপাংকৰ গগৈৰ মৃত্যুৰ উচিত তদন্ত বিচাৰিছে পৰিয়ালৰ লগতে সকলো দল সংগঠনে ৷
আজি সন্ধিয়া দিপাংকৰৰ উচিত তদন্ত বিচাৰি পৰিয়ালৰ লোকে যোৰহাট আৰক্ষী অধিক্ষৰ লগতে ঘটনাটোৰ তদন্তৰ লগত জৰিত কেইবাগৰাকীও আৰক্ষী বিৰুদ্ধে তিতাবৰ থানাত এজাহাৰ দাখিল কৰে ৷
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
