ডিব্ৰুগড়, ২৭ ডিছেম্বৰ (হি.স.)। আৰ এছ এছৰ সৰসংঘচালক ডা. মোহন ভাগৱতৰ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ পৰা মাজুলীলৈ যাত্রা। এক কনভয় যোগে ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ ৰাজপথেৰে যাত্রা সংঘপ্ৰমুখ গৰাকীৰ।
আজি বিয়লি প্ৰায় ৩:৩০ বজাত মোহনবাৰী বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে তেওঁ সত্ৰ নগৰী মাজুলীলৈ স্থলপথেৰে ৰাওনা হয়। ইফালে কাইলৈ ডিব্ৰুগড়ত নিশা কটাব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ সংঘচালক মোহন ভাগৱতে। পৰহিলৈ ডিব্ৰুগড়ৰ সংঘৰ কাৰ্যালয়ত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ সৈতে মিলিত হোৱাৰ সম্ভাৱনা মোহন ভাগৱতৰ। যাৰ বাবে কালি অৰুণাচলৰ পৰা দিল্লীলৈ যাত্রা কৰা সৰ্বানন্দ সোনোৱালে পুনৰ দিল্লীৰ পৰা উভতি আহিব। পৰহিলৈ সংঘৰ কাৰ্যালয়ত আন কেইবা গৰাকী নেতা কৰ্মীয়ে সাক্ষাত কৰিব আৰ এছ এছ প্ৰমুখ গৰাকীক।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/আলোক/মনোজ
