নগাঁও, ২৬ ডিছেম্বৰ(হি.স.)। নগাঁৱত মানবীয় প্ৰমূল্যবোধৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰি জিলাখনৰ গোসাঁইবড়ি গাঁৱৰ এগৰাকী মহিলাই দেখুৱালে মহানুভৱতা। নিজৰ ভূমি-গৃহ দান কৰিলে বৃদ্ধাশ্ৰমৰ নামত। নগাঁও জিলাৰ বটদ্ৰৱাৰ হাতীচোং মৌজাৰ গোসাঁইবড়ি গাঁৱৰ দিপালী দেউৰী নামৰ মহিলাগৰাকীয়ে দেখুৱালে এই মহানুভৱতা।
প্ৰচাৰ বিমূখ এগৰাকী চিন্তাশীল কবি, লেখক দিপালী দেউৰীয়ে জীৱনৰ নিৰ্মম সত্যক একান্তভাৱে মানি লৈ সদায় সমাজ আৰু সামাজিক চেতনাক মূল আধাৰ হিচাবে লৈ জীৱনৰ বিয়লি বেলাক নতুনকৈ সজোৱাৰ পৰিকল্পনা কৰিছে। ষাঠিৰ উৰ্দ্ধৰ এই গৰাকী মহিলাই ইতিমধ্যে হেৰুৱাইছে নিজৰ স্বামী, পুত্র আৰু আপোনজনক। হতাশাই আবৰিধৰা জীৱনটোক নতুনকৈ চোৱাৰ হেপাহেৰে তেখেতে নিজৰ ঘৰৰ, চৌহদত এখনি বৃদ্ধাশ্ৰম গঢ়ি তোলাৰ সপোন দেখিছিল। পৰৱৰ্তী কালত নগাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠান অপৰূপা বহুমূখী জনকল্যাণ সমবায় সমিতি লিমিটেডৰ কৰ্মকৰ্তা সকলক নিজৰ মনোভাৱ ব্যক্ত কৰাত, আজি অপৰূপা বহুমূখী জনকল্যাণ সমবায় সমিতিৰ সহযোগত গোঁসাইবড়িস্থিত গৃহত বৃদ্ধাশ্ৰম হিচাপে গৃহটি স্বেচ্চাসেৱী অনুষ্ঠানটোক হস্থান্তৰ কৰা হয়।
নিজেই বৃদ্ধাশ্ৰম খনৰ প্ৰথম গৰাকী সদস্য হিচাপে অন্তৰ্ভুক্ত হয় দিপালী দেউৰী। ভূমি গৃহ দান অনুষ্ঠানত স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সভানেত্রী জুনু দেৱী, সম্পাদিকা জ্যোতিৰেখা বৰাৰ লগতে অঞ্চলটোৰ গণ্য-মান্য লোক সকলে দীপালী দেউৰীয়ে দেখুওৱা মানৱীয় প্ৰমূল্যবোধৰ অমূল্য নিদৰ্শনৰ বাবে ভুয়সী প্ৰশংসা কৰে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ
