ডিব্ৰুগড়, ২৬ ডিছেম্বৰ (হি.স.):বৰদিনৰ আনন্দ -উল্লাহৰ মাজতে মৰাণৰ উৰণীয়া সেতুৰ সমীপত সোমবাৰে নিশা পথ দুৰ্ঘটনা সংঘটিত হয়। মৰাণৰ পৰা তিলৈজান অভিমূখে যোৱা এএছ ০৬ এজে ৫৭৪৭ নম্বৰৰ বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে বিপৰীত দিশৰ পৰা অহা এএছ ০৬ টি ৮৭০৭ নম্বৰৰ ছুইফট আৰু এএছ ০৪ এ ই ৮৯৩০ নম্বৰৰ বাহন (TATA PUNCH) খনক ।
ইফালে দুৰ্ঘটনাটোত বাইক চালক আচিক গড় গুৰুতৰভাৱে আহত হোৱাৰ লগতে বাইকখনো ক্ষতিগ্ৰস্ত হয় । আনহাতে গাড়ী দুখনো সামান্য পৰিমানে ক্ষতিগ্ৰস্ত হয় । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত চলাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
