মুম্বাই, ২৬ ডিছেম্বৰ (হি.স.)। মানৱ সৰবৰাহৰ সন্দেহত ফ্ৰান্সত ৰখাই থোৱা বিমানখন আজি পুৱা প্ৰায় ৪ বজাত মুম্বাইত উপস্থিত হয়। এই বিমানখনে ফ্ৰান্সৰ ৰাজধানী পেৰিছৰ ওচৰৰ ভেট্ৰি বিমানবন্দৰৰ পৰা স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ২:৩০ বজাত উৰা মাৰিছিল। এই তথ্য প্ৰদান কৰিছে বিষয়াসকলে।
মুঠ ২৭৬ জন যাত্ৰী কঢ়িয়াই অনা এই চাৰ্টাৰ বিমান (এয়াৰবাছ এ৩৪০)খন মঙলবাৰে পুৱা মুম্বাই বিমানবন্দৰত অৱতৰণ কৰে। এই বিমানখন কেইবাদিনো ফ্ৰান্সত আবদ্ধ হৈ আছিল। দুই নাবালককে ধৰি ২৫জন লোক ফ্ৰান্সত থাকি গৈছে। এই লোকসকলে ফ্ৰান্সৰ পৰা আশ্ৰয় বিচাৰিছে। যেতিয়া বিমানখনে ভেট্ৰীৰ পৰা মুম্বাই অভিমুখে উৰা মাৰে তেতিয়া ফ্ৰান্সত থকা ভাৰতীয় দূতাবাসে এই তথ্য টুইটাৰযোগে শ্বেয়াৰ কৰে। ইয়াত এই বিষয়টোৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে ফ্ৰান্স চৰকাৰ আৰু ভেট্ৰি বিমানবন্দৰক ধন্যবাদ জনোৱা হৈছে।
ৰোমানিয়াৰ লিজেণ্ড এয়াৰলাইন্সৰ এ৩৪০ বিমানখনে ডুবাইৰ পৰা নিকাৰাগুয়ালৈ উৰা মাৰিছিল। এই বিমানখন কাৰিকৰী বিজুতিৰ বাবে ফ্ৰান্সৰ ভেট্ৰি বিমানবন্দৰত অৱতৰণ কৰিছিল। এই সময়ছোৱাত ফ্ৰান্স চৰকাৰে এই বিমানখনৰ জৰিয়তে মানৱ সৰবৰাহৰ তথ্য লাভ কৰিছিল। ইয়াৰ পিছত ফ্ৰান্সে এই বিমানখন ৰখাই দিয়ে। দেওবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰে ফ্ৰান্সৰ চাৰিজন ন্যায়াধীশে। আৱদ্ধ হৈ পৰা যাত্ৰীসকলক সোধা পোছা কৰে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
