বাক্সা, ২৫ ডিছেম্বৰ(হি.স.)। মানাহৰ নাৰায়ণগুৰি বনভোজ স্থলীক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত যে সংঘাতৰ সৃষ্টি হৈছে সেইটো শেহতীয়াকৈ সংঘটিত কিছু ঘটনাৰ ফলত স্পষ্ট হৈছে। যোৱা শনিবাৰে এক সংবাদ মেলৰ জৰিয়তে অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সম্পাদক জোন দাসে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ নাৰায়ণগুৰিৰ বনভোজস্থলীত বনভোজ পৰিচালনা সমিতিৰ লগতে বাক্সা জিলা প্ৰশাসন এনেকি ইউ পি পি এল দলটোৰ মূৰব্বী প্ৰমোদ বড়ো আৰু বি টি আৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ বিৰূদ্ধেও কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিছতে অবড়ো সুৰক্ষা সমিতিৰ নেতাগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বনভোজ পৰিচালনা সমিতি।
মানাহৰ বেঁকী নৈৰ সমীপৰ নাৰায়ণগুৰিৰ বনভোজস্থলীৰ কাৰ্যালয়ত দেওবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি বনভোজ পৰিচালনা সমিতিৰ এগৰাকী অন্যতম সদস্য শৰৎ পাঠকে সাংবাদিক সকলক নৱবৰ্ষৰ স্বাগতম জনাই অবড়ো সুৰক্ষা সমিতিৰ নেতা গৰাকীৰ মন্তব্যক ”টুলুঙা” আখ্যা দিছে। নেতা গৰাকীক ”বি পি এফ দলটোৰ এগৰাকী দালাল” হিচাপে অভিহিত কৰি কাৰোবাৰ উচটনিত অবড়ো নেতা গৰাকীয়ে অঞ্চলটোত বড়ো-অবড়োৰ মাজত সংঘাত সৃষ্টি কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি আখ্যা দিয়ে। হঠাতে আৱিৰ্ভাৱ হোৱা নেতা গৰাকীয়ে মানাহত অবৈধ গঁড় হত্যা, দুস্কৃতিকাৰীৰ দ্বাৰা বন ধ্বংস কৰাৰ সময়ত ক’ত আছিল বুলিও প্ৰশ্ন উত্থাপন কৰে। অবড়ো সুৰক্ষা সমিতিৰ নেতা গৰাকীয়ে স্থানীয় লোক অবিহনে অকলে এখন সংবাদমেল দিয়া কথাটোতো তেওঁ আশ্বৰ্য প্ৰকাশ কৰে।”
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ
