-দেশত উদযাপন কৰা হৈছে সুশাসন দিৱস
নতুন দিল্লী, ২৫ ডিছেম্বৰ (হি.স.)। আজি কৃতজ্ঞ ৰাষ্ট্ৰই দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা ভাৰতৰত্ন প্ৰয়াত অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেখেতৰ ৯৯ সংখ্যক জন্ম বাৰ্ষিকীত দেশত উদযাপন কৰা হৈছে সুশাসন দিৱস। ইয়াক স্মৰণীয় কৰি তুলিবলৈ সমগ্ৰ দেশতে বহু কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ গুণক স্মৰণ কৰি বিজেপিয়ে এক্সত এই উপলক্ষে লিখিছে – ‘ভাৰতীয় ৰাজনীতিৰ শিখৰ পুৰুষ, কোটি কোটি বিজেপি কৰ্মী প্ৰেৰণাস্ৰোত আৰু আমাৰ পথ প্ৰদৰ্শক প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ীজীৰ জন্ম বাৰ্ষিকীত কোটি কোটি প্ৰণাপাত জনাইছোঁ।’ তেওঁক শ্ৰদ্ধাঞ্জলি জনাই বিজেপিৰ সভাপতি জে পি নাড্ডাই এক্সত লিখিছে – ‘ৰাষ্ট্ৰীয় উত্থান আৰু জনসেৱাৰ প্ৰতি উৎসৰ্গিত তেওঁৰ সমগ্ৰ জীৱন আমাৰ বাবে সদায় প্ৰেৰণা হৈ থাকিব।’
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
