
–অহা ৩০ আৰু ৩১ ডিছেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অধিৱেশন
নলবাৰী, ২৪ ডিছেম্বৰ (হি.স.): সদৌ অসম সাংবাদিক সকলৰ শক্তিশালী সংগঠন সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বি বাৰ্ষিক অধিবেশনখন অহা ৩০ আৰু ৩১ ডিছেম্বৰত কাঁহশিল্প নগৰী সৰ্থেবাৰীত অনুষ্ঠিত কৰা হ’ব ৷ যোৱাকালি শনিবাৰে সন্ধিয়া সৰ্থেবাৰীৰ মাজমজিয়াত থকা ৰাজহুৱা পুথিভঁৰালত আনুষ্ঠানিক ভাৱে সদৌ অসম সাংবাদিক সন্থাৰ অধিৱেশনৰ অস্থায়ী কাৰ্যালয় হিচাপে সন্ধিয়া উদ্বোধন কৰা হয় ৷ উক্ত কাৰ্যালয়টো উদ্বোধন কৰে একাদশ দ্বি বাৰ্ষিক সাংবাদিক সন্থাৰ আদৰণি সমিতিৰ সভাপতি বানীকান্ত ভূঞাই ৷
ইতিমধ্যে আদৰণী সমিতিয়ে অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা আহি সাংবাদিক সন্থাৰ অধিবেশনত অংশগ্ৰহণ কৰা সাংবাদিকসকলক আদৰিবলৈ সাজু হৈছে ৷ ইতিমধ্যে অসমৰ প্ৰায় ২০ খন জিলাৰ অতন্ত্ৰ প্ৰহৰী সাংবাদিক প্ৰতিনিধিসকল সৰ্থেবাৰীলৈ আহিবলৈ সাজু ৷ আদৰণী সমিতিৰ কাৰ্যকৰ্তাসকলে প্ৰতিখন জিলাৰ সাংবাদিকসকলে কাহঁশিল্প নগৰী সৰ্থেবাৰীত আহি যাতে থকা-খোবাৰ কোনো ধৰণৰ অসুবিধা নাপায় তাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে ৷ ইতিমধ্যে সদৌ অসম সাংবাদিক সন্থাৰ অধিৱেশনখনক লৈ বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ ৰাইজৰ মাজত উৎসাহ উদ্দীপনা দেখা গৈছে ৷
অহা ৩০ ডিছেম্বৰ আৰু ৩১ ডিছেম্বৰত বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা হৈছে ৷ ৩০ ডিছেম্বৰ অৰ্থাৎ প্ৰথম দিনা পুৱাৰ ভাগত সদৌ অসম সাংবাদিক সন্থাৰ পতাকা উত্তোলন কৰাৰ লগতে আবেলি প্ৰতিনিধি সভা আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হ’ব ৷ ইফালে ৩১ ডিছেম্বৰত পুৱা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব আৰু তাৰ পাছতে মুকলি সভা আয়োজন কৰা হ’ব ৷
জানিব পৰা মতে বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ আত্ম-সহায়ক গোট সমূহে সাংবাদিক সন্থাৰ অধিৱেশনত প্ৰয়োজন হোৱা চাহৰ লগত খোৱা খাদ্য লাড়ু-পিঠা তেওঁলোক যোগান ধৰিব বুলি জনায় ৷ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিতত থাকিব মহামহিম ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া উপস্থিত থাকিব আৰু সন্ধিয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হ’ব ৷ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ সমৰ হাজৰিকা আৰু ডাৱৰ হাজৰিকাৰ সংগীতানুষ্ঠান।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
