নতুন দিল্লী, ২৩ ডিছেম্বৰ (হি.স.)। আগন্তুক লোকসভা নিৰ্বাচন ২০২৪ৰ কৌশল সন্দৰ্ভত শুকুৰবাৰৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ৰ সম্প্ৰসাৰণ ভৱনত ৰাষ্ট্ৰীয় বিষয়াসকলৰ এখন বৈঠক চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উদ্যোগত দুদিনীয়া বৈঠকত শনিবাৰে দ্বিতীয় দিনা বিষয়াসকলক সম্বোধন কৰিব অমিত শ্বাহে। শুকুৰবাৰে ৰুদ্ধদ্বাৰ বৈঠকত সকলো সাধাৰণ সম্পাদকৰ লগতে বিজেপিৰ সকলো গোটৰ বিষয়ববীয়াসকলো উপস্থিত আছিল।
শুকুৰবাৰে জে পি নড্ডাই এক্সত এটা বাৰ্তাতো কয় যে প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্দেশনাত বিজেপিয়ে দেশৰ মূল স্তম্ভ, যুৱক-যুৱতী, মহিলা, কৃষক আৰু দুখীয়াক সবল কৰি উন্নত ভাৰত গঢ়াৰ পথত আগবাঢ়িছে।
সূত্ৰ অনুসৰি শনিবাৰে সকলো বিষয়াক নিৰ্বাচনী কৌশল আৰু জয়ৰ মন্ত্ৰ প্ৰদান কৰা হ’ব। সমগ্ৰ দেশতে বিজেপিৰ ভোটৰ শতকৰা হাৰ ৫১ শতাংশলৈ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ প্ৰতিজন ব্যক্তিৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত দ্ৰুতগতিত কাম কৰিবলৈ বিষয়াসকলক কয়। ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰা চাৰিটা জাতিৰ ভিতৰত মহিলা, দৰিদ্ৰ, যুৱক-যুৱতী আৰু কৃষকক বিশেষভাৱে গুৰুত্ব দিবলৈ কোৱা হৈছে। এই কথা নিশ্চিত কৰিছে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইও। এতিয়া সকলো বিষয়াই আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত ৰাজ্যসমূহ ভ্ৰমণ কৰিব আৰু সকলোৰে দায়িত্বও নিৰ্ধাৰণ কৰা হ’ব। এই সভাৰ পিছত সাধাৰণ সম্পাদকসকলৰ সভাও হ’ব।
হিন্দুস্থান সমাচাৰ / বিজয়লক্ষ্মী/মনোজ
