কামৰূপ, ২২ ডিছেম্বৰ(হি.স.)। কামৰূপ জিলাৰ হাজোৰ মাধৱ মন্দিৰত পুনৰ অনুষ্ঠিত হ’ব বুলবুলি চৰাইৰ যুঁজ। যাৰ বাবে আনন্দত আত্মাহাৰা হৈ পৰিছে মন্দিৰ পৰিচলনা সমিতিৰ লগতে হাজোৰ ৰাইজ। এই সন্দৰ্ভত মন্দিৰ প্ৰাঙ্গনত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাস। অসম চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে সদৌ অসম ছাত্ৰ সন্থাই।
উল্লেখ্য় যে বিগত ৯ বছৰে বন্ধ হৈ আছিল বুলবুলি চৰাইৰ যুঁজ। ২০১৫ চনত ন্যায়ালয়ৰ নিৰ্দেশনাত বন্ধ হৈ থকা বুলবুলি চৰাইৰ যুঁজ হাজোত পুনৰ আৰম্ভ হ’ব। পৰম্পৰা অনুযায়ী মাঘ বিহুৰ দোমাহীৰ দিনাখন হাজোৰ শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰত অনুষ্ঠিত হৈ আহিছে বুলবুলি চৰাইৰ যুঁজ। ৰজা পৰমত্ব সিংহৰ দিনৰ পৰা চলি আছে এই বুলবুলি চৰাইৰ যুঁজ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ
