– ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই
নতুন দিল্লী, ২২ ডিছেম্বৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে ১৯ কেজি এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিছে। এই হ্ৰাসৰ পিছত ১৯ কেজিৰ বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য ৩৯ টকা হ্ৰাস পাইছে। কিন্তু চৰকাৰৰ এই পদক্ষেপে গৃহিণীসকলক কোনো সকাহ দিয়া নাই, কিয়নো ঘৰত ব্যৱহৃত ১৪ কেজি ওজনৰ এল পি জি চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই।
কৰ্তনৰ পিছত দিল্লীত কমাৰ্চিয়েল চিলিণ্ডাৰৰ মূল্য ১৭৯৬.৫০ টকাৰ পৰা ১৭৫৭.৫০ টকালৈ হ্ৰাস পাইছে। একেদৰে মুম্বাইত ইয়াৰ মূল্য ১৭৪৯ টকাৰ পৰা ১৭১০ টকালৈ, কলকাতাত ১৯০৮ টকাৰ পৰা ১৮৬৯ টকালৈ আৰু চেন্নাইত ১৯৬৮.৫০ টকাৰ পৰা ১৯২৯.৫০ টকালৈ হ্ৰাস পাইছে। ইয়াৰ পূৰ্বে ১ ডিছেম্বৰত বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ২১ টকাকৈ বৃদ্ধি কৰা হৈছিল।
কিছুদিনৰ পৰা প্ৰতিমাহে বাণিজ্যিক এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য সলনি হৈ আহিছে। ডিছেম্বৰৰ পূৰ্বে ১৬ নৱেম্বৰত বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ৫৭ টকা হ্ৰাস পোৱাৰ বিপৰীতে ইয়াৰ পূৰ্বে ১ নৱেম্বৰত প্ৰতি চিলিণ্ডাৰৰ মূল্য ১০০ টকা বৃদ্ধি পাইছিল।
যদি আমি ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ কথা কওঁ তেন্তে ২০২৩ চনৰ আগষ্টৰ পৰা ইয়াৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। যোৱাবাৰ ৩০ আগষ্টত ঘৰুৱা এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য ২০০ টকা হ্ৰাস কৰা হৈছিল। এই কৰ্তনৰ পিছত দিল্লীত ঘৰুৱা এল পি জি গেছ চিলিণ্ডাৰ ৯০৩ টকাত উপলব্ধ। ইয়াৰ উপৰিও কলকাতাত এল পি জি গেছ চিলিণ্ডাৰৰ মূল্য ৯২৯ টকা আৰু মুম্বাইত ৯০২.৫০ টকা।
হিন্দুস্থান সমাচাৰ/যোগিতা/মনোজ/অৰবিন্দ
