লক্ষিমপুৰ, ২১ ডিছেম্বৰ (হি.স.): লক্ষিমপুৰ জিলা খেলমাটি স্থিত মুস্কান ফানিচাৰৰ ৰাংচালিত থকা গোদামত বুধবাৰ আবেলি বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ড কেইবাখনো অগ্নি নিৰ্বাপক বাহিনী গাড়ীয়ে বহু সময় চেষ্টা ফলত ৰাইজৰ সহযোগত জুই নুমোৱাবলৈ সক্ষম হয়।
প্ৰতিষ্ঠানটো স্বত্বাধিকাৰ নায়ুম হুছেইন পৰিয়ালৰ কোনো নথকা অৱস্থাত কেনেদৰে জুই সুত্ৰপাত হয় সেইয়া ৰহস্য আৱৰ্তত সোমাই পৰিছে। এই অগ্নিকাণ্ড ফলত কেইবালাখ টকা সা-সামগ্ৰী ক্ষ্যয় ক্ষতি হয় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
