গুৱাহাটী, ২০ ডিছেম্বৰ (হি.স.)। মহানগৰীৰ জালুকবাৰীত অৱস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ তিনিদিনীয়া কাৰ্যসূচীৰে অন্ত পৰে ।
মহাবিদ্যালয়খনৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত হোৱা তৃতীয় আৰু অন্তিম দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষীসকলৰ উপস্থিতিত পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ প্ৰণৱ জ্যোতি বৈশ্যই। ইয়াৰ লগতে পুৰণি আৰু নতুন ছাত্ৰ-ছাত্ৰীৰ সৈতে এখন বৈঠকৰ আয়োজন কৰা হয়। য’ত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ধাৰণা বিনিময় কৰিছিল।
মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান উপলক্ষে এখন বৈঠকৰ আয়োজন কৰা হয়। পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ পুৰুষোত্তম দাস যোশী, অসম চৰকাৰৰ স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডা০ সিদ্ধাৰ্থ সিং, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অচ্যুত বৈশ্য, অসম চৰকাৰৰ আয়ুক্ত বিভাগৰ অধ্যক্ষ ড০ ইন্দ্ৰানোশী দাস, মহাৰজত জয়ন্তী উদযাপন সমিতিৰ অধ্যক্ষ তথা মহাবিদ্যালয়ৰ সভাপতি ড০ প্ৰণৱজ্যোতি বৈশ্য, অসম চৰকাৰী পৰিবহণ নিগমৰ অধ্যক্ষ, মিছন ৰঞ্জন দাস, মহাৰজত জয়ন্তী উদযাপন সমিতিৰ মুৰব্বী সাংগঠনিক সম্পাদক ড° বিমল ডেকা উপস্থিত থাকে।
অসম চৰকাৰৰ স্বাস্থ্য শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডাঃ সিদ্ধাৰ্থ সিঙে আদৰণি ভাষণ প্ৰদান কৰি আয়ুৰ্বেদিক চিকিৎসাৰ গুৰুত্ব আৰু প্ৰসাৰৰ বিষয়ে ব্যাখ্যা কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই কয় যে অসমৰ গ্ৰামাঞ্চলত আয়ুৰ্বেদিক চিকিৎসকে চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত বৃহৎ ভূমিকা পালন কৰে। সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰণৱজ্যোতি বৈশ্য উপস্থিত থাকে।
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আয়ুৰ্বেদ ভাৰতীয় সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ বুলি উল্লেখ কৰি অসম চৰকাৰে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ।
মহাৰজত জয়ন্তী উপলক্ষে ড° অনুপ বৈশ্যৰ সম্পাদনাত এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। এই স্মৃতি গ্ৰন্থ আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ৭৫ বছৰীয়া গৌৰৱময় ইতিহাসৰ নথি।
মহাৰজত জয়ন্তী উদযাপনৰ সামৰণি উপলক্ষে এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। য’ত কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰ আৰু শংকুৰাজ কোৱৰে নিজৰ গীতেৰে সকলোকে মোহিত কৰে।
হিন্দুস্থান সমাচাৰ/দেৱযানী/মনোজ
