ৰণবীৰ কাপুৰৰ ছবি ‘এনিমেল’ৰ উন্মাদনা হ্ৰাস পোৱা নাই। ১ ডিছেম্বৰত মুক্তি পোৱা ছবিখনে বক্স অফিচত লহৰ তুলিছে। এই ছবিখনৰ গীত, সংলাপ আৰু কিছুমান দৃশ্যৰ বিষয়ে বহু চৰ্চিত হৈছে। একেদৰে ‘এনিমেল’ৰ দ্বিতীয় খণ্ডৰ বাবেও দৰ্শক আগ্ৰহী। ‘এনিমেল’ ছবিখনৰ পিছত ইয়াৰ ছিকুৱেল সন্দৰ্ভত আলোচনা চলি আছিল। এই ছবিখনৰ ছিকুৱেলৰ বাবেও দৰ্শকৰ কৌতুহল আছিল। এতিয়া ‘এনিমেল পাৰ্ক’ ছবিখনৰ ছিকুৱেল সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা হৈছে।
ইয়াৰ ছিকুৱেলৰ বিষয়ে ইংগিত দিয়া হৈছিল প্ৰথম দিনাৰ পৰাই বক্স অফিচৰ অভিলেখ ভংগ কৰি ৮০০ কোটি টকা উপাৰ্জন কৰা ‘এনিমেল’ৰ ক্লাইমেক্সত। সেয়ে ‘এনিমেল পাৰ্ক’ ছবিখনৰ ছিকুৱেল সন্দৰ্ভত আলোচনা চলি আছিল। এতিয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। টি ছিৰিজৰ অফিচিয়েল একাউণ্টৰ পৰা শ্বেয়াৰ কৰা হৈছে প্ৰযোজক ভূষণ কুমাৰ আৰু পৰিচালক সন্দীপ ৰেড্ডী ভাংগাৰ এখন ছবি। পোষ্টটো শ্বেয়াৰ কৰাৰ সময়ত টি-ছিৰিজে লিখিছে যে এইটো আস্থাৰ ওপৰত নিৰ্মিত, সৃষ্টিশীল, স্বাধীনতাৰে ভৰা আৰু এক অভেদ্য বন্ধনৰ দ্বাৰা বান্ধ খাই থকা অংশীদাৰিত্ব। প্ৰযোজক ভূষণ কুমাৰ আৰু পৰিচালক সন্দীপ ৰেড্ডী ভাংগা আকৌ এবাৰ ছিকুৱেলৰ সৈতে সাজু হৈছে। ইউজাৰসকলেও টি-ছিৰিজৰ এই পোষ্টটোৰ ওপৰত মন্তব্য কৰি উল্লাস প্ৰকাশ কৰিছে আৰু এই ছবিখনৰ ছিকুৱেলৰ বাবে আৰু বেছি সময় অপেক্ষা কৰিব নোৱাৰিব বুলি কৈছে।
‘এনিমেল’ৰ ছিকুৱেলৰ আনুষ্ঠানিক ঘোষণাত অনুৰাগীসকল অতিশয় সুখী। অনুৰাগীসকলে এই পোষ্টটোত মন্তব্য কৰি সুখ প্ৰকাশ কৰিছে। ‘এনিমেল’ত ৰনবীৰ কাপুৰৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰশ্মিকা মাণ্ডন্না, অনিল কাপুৰ, ববি দেউল। এই ছবিখনৰ ছিকুৱেলৰ বাবে একাংশ অভিনেতাৰ সৈতেও আলোচনা চলি আছে বুলিও চৰ্চা চলিছে।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ
