কামৰূপ, ১৯ ডিচেম্বৰ (হি.স.)। দেশৰ প্ৰধান মন্ত্ৰীয়ে দুখীয়া গৰীৱ লোকৰ কল্যানৰ উদ্দেশ্যে মুকলি কৰিছে কেইবাখনো কল্যাণকামী আঁচনি। চৰকাৰে মুকলি কৰা আঁচনিৰ বহুল প্ৰচাৰেৰে লোৱা হৈছে উদ্যোগ । উত্তৰ গুৱাহাটী পৌৰ সভাৰ উদ্যোগত, উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেল পথাৰত বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠিত কৰা হয় ।
কামৰূপ জিলাৰ সহ: আয়ুক্ত সোমা ৰয়ে অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰি সকলোলৈকে শুভেচ্ছা জনায় । উত্তৰ গুৱাহাটী পৌৰ সভাৰ উপাধক্ষ তিলক দাসে চৰকাৰে ৰূপায়ণ কৰা আঁচনি সমূহে কিদৰ উপকৃত কৰিব তাৰ ওপৰতো বক্তব্য আগবঢ়ায় । বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, খেল ধেমালি আৰু গীত মাতৰ মনোৰম অনুষ্ঠানেৰে উমাল হৈ পৰে আজিৰ এই বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠানটি । অনুষ্ঠানত দেশৰ অখণ্ডতা আৰু একাতাৰ শপত লৈ সংকল্প যাত্ৰাৰ অংশীদাৰ হ”ল সকলো ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
