
গুৱাহাটী, ১৯ ডিছেম্বৰ (হি.স.)। গুৱাহাটী মহানগৰ ক্ষেত্ৰী আৰক্ষীয়ে ২৮টা গৰুসহ গৰু সৰবৰাহত জড়িত দুজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে। মঙলবাৰে আৰক্ষীয়ে জনোৱা মতে, গোপন তথ্যৰ ভিত্তিত থানা এলেকাৰ ডিমোৰিয়া কলেজৰ সমীপত চলোৱা অভিযানৰ সময়ত এন এল-০১এডি-১১৪২ নম্বৰৰ ট্ৰাকখন জব্দ কৰে। ট্ৰাকখনৰ পৰা মুঠ ২৮টা গৰু উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা আটাইকেইটা গৰু মেঘালয়ৰ গৰু বজাৰলৈ লৈ যোৱা হৈছিল। এই গোচৰত চালকসহ দুজন পশু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। আটকাধীন গৰু সৰবৰাহকাৰী দুটাৰ নাম আছঘৰ আলী (২৬, চিলাপথাৰ) আৰু আত্তাফ আলী (২০, চিলাপথাৰ)।
ইফালে আন এক অভিযানৰ সময়ত সোণাপুৰ আৰক্ষীয়ে এএছ ০১ কিউচি ০৯৯৪ নম্বৰৰ টাটা আল্ট্ৰা বাহনখনৰ পৰা ১৯টা গৰু উদ্ধাৰ কৰে। ডিগাৰু পইণ্টত গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযানত ১৯টা গৰুসহ মহম্মদ ইফতিকাৰ হুছেইন (২৬) আৰু মহম্মদ সূৰজ আলী (৫০)ক গ্ৰেপ্তাৰ কৰে। ধৃত দুয়োজন অভিযুক্ত মৰিগাঁও জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। উদ্ধাৰ হোৱা সকলো গৰু অতি নিষ্ঠুৰভাৱে পৰিবহণ কৰা হৈছিল। পশু সৰবৰাহৰ আইনৰ অধীনত এই সন্দৰ্ভত পৃথক পৃথক এফআইআৰ ৰুজু কৰি আৰক্ষীয়ে গোচৰসমূহৰ তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে ৰাজ্যত পশুৰ কঠোৰ আইন প্ৰযোজ্য হৈ আছে, তথাপিও পশু সৰবৰাহ অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ/আছৰাৰ/মনোজ
