নগাঁও, ১৮ ডিছেম্বৰ (হি.স.): নগাঁও আৰক্ষীয়ে ইজাজুল হক নামৰ এটা ২০ বছৰীয়া গভাইত চোৰক আটক কৰিছে।চুৰি বিদ্যাত পাকৈত আৰু সিদ্ধহস্ত ইজাজুল হক নামৰ চোৰটো। নগাঁও চহৰৰ বিভিন্ন ঠাইত পূৰ্বে নিয়মীয়াকৈ কেইবাটাও চুৰি কাৰ্য্য সংঘটিত কৰিছিল চোৰটোৱে।
জানিব পৰামতে, ১৬ ডিছেম্বৰত চুৰটোৱে নগাঁৱৰ মতিৰাম বৰা বিদ্যালয়ৰ পৰা চৰকাৰী সামগ্ৰী চুৰি কৰাৰ বাবে কৰিছিল চেষ্টা। দেওবাৰে চচি টিভি ফুটেজৰ ভিত্তিত নগাঁও আৰক্ষীৰ তৎপৰতাত আজি আটক কৰা হয় এই দুর্ধর্ষ চোৰটোক। নগাঁৱৰ নতুন বজাৰ চাৰিআলিৰ পৰা চোৰটোক আটক কৰিবলৈ সক্ষম হয় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
