ৰাৱালপিণ্ডি, ১৮ ডিছেম্বৰ (হি.স.)। ৰাৱালপিণ্ডিৰ এখন বিশেষ আদালতে দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন ফেডাৰেল মন্ত্ৰী ফাৱাদ চৌধাৰীক সোমবাৰে জামিন প্ৰদান কৰে। আদালতে প্রাক্তন মন্ত্রীগৰাকীক মুকলি কৰি দিয়াৰ লগতে দুই লাখ টকাৰ জামিন বণ্ড জমা দিয়াৰ নির্দেশ দিয়ে ৷ পাকিস্তানৰ নিউজ চেনেল জিঅ’ নিউজৰ ৱেবছাইটৰ মতে, আইনী সকাহ পোৱাৰ পাছত বিশেষ আদালতৰ বাহিৰত ফৱাদ চৌধুৰীৰ ভাতৃ তথা অধিবক্তা ফাইছাল চৌধুৰীয়ে অহা বছৰৰ ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনত তেওঁৰ ভাতৃ ফাৱাদে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কয়। জিঅ’ নিউজৰ মতে, নৱেম্বৰ মাহত পাকিস্তান তেহৰিক-ই-ইনছাফৰ প্ৰাক্তন নেতা ফাৱাদক গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰথমে ২০২২ চনৰ আগষ্ট মাহৰ এটা গোচৰত আদালতে তেওঁক দুদিনীয়া আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছিল। এই গোচৰত তেওঁ এজন নাগৰিকৰ পৰা পাঁচ নিযুত টকাৰ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল। বৰ্তমান ফাৱাদ চৌধাৰীক কেন্দ্ৰীয় কাৰাগাৰ ৰাৱালপিণ্ডিত ন্যায়িক জিম্মাত ৰখা হৈছে। স্থানীয় নাগৰিকে ইয়াক আদিয়ালা জেল বুলি কয়।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
