ৱাশ্বিংটন, ১৮ ডিছেম্বৰ (হি.স.)। গাজাপট্টীত পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ সৈতে হোৱা যুদ্ধত ইজৰাইলক সংযম কৰিবলৈ আহ্বান জনাইছে আমেৰিকাই। আমেৰিকাৰ এই হেঁচা সত্ত্বেও ইজৰাইল নিজৰ স্থিতিত অটল হৈ আছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে বিশ্ববাসীক স্পষ্ট বাৰ্তা দিছে। তেওঁ গাজাত ‘শেষলৈকে যুঁজিব’ৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিছে।
আমেৰিকাৰ আগশাৰীৰ কাকত দ্য নিউয়ৰ্ক টাইমছৰ মতে, যোৱা সপ্তাহত ইজৰাইলৰ তিনিজন পণবন্দীক হত্যা কৰাক লৈ তেওঁৰ দেশত ক্ষোভ বিয়পি পৰাৰ সময়তে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে গাজাত ‘অন্তলৈকে যুঁজিবলৈ’ প্ৰতিশ্ৰুতি দিছে। ভুলবশতঃ ইজৰাইলৰ বাহিনীয়ে গুলীয়াই হত্যা কৰে পণবন্দীসকলক। এই পণবন্দীসকলে বগা পতাকা উৰুৱাই আছিল। তেওঁৰ মৃত্যুত নেতান্যাহুৰ চৰকাৰে কেনেদৰে যুদ্ধ চলাই আছে সেই লৈ নতুন প্ৰশ্নৰ উত্থাপন হৈছে।
এই আমেৰিকান কাকতখনে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উদ্ধৃতি দি নিজৰ ৱেবছাইটত এক প্ৰতিবেদন প্ৰকাশ কৰিছে। সেই অনুসৰি কালি নেতান্যাহুৱে এখন চিঠি পঢ়ি চৰকাৰী বৈঠকৰ আৰম্ভণি কৰে। তেওঁ কয়, ‘এই চিঠিখন গাজাত যুদ্ধ কৰি মৃত্যু হোৱা ইজৰাইলৰ সৈন্যৰ পৰিয়ালৰ পৰা আহিছে। ইয়াত লিখা আছে যে আপোনাৰ যুঁজ দিয়াৰ জনমত আছে। মাজভাগত ৰৈ যাবলৈ আপোনাৰ আদেশ নাই।’
অৱশ্যে গাজাত এতিয়াও পণবন্দী হৈ থকা ইজৰাইলৰ নাগৰিকসকলৰ আত্মীয়লৈ প্ৰেৰণ কৰা বাৰ্তাৰ সৈতে এই চিঠিখন মিল নাই বুলিও তেওঁ কয়। এনে বহু লোকে ৰাজপথলৈ ওলাই আহি যুদ্ধবিৰতিৰ দাবী জনাইছে যাতে আপোনজন ঘৰলৈ উভতি যাব পাৰে।
দ্য নিউয়ৰ্ক টাইমছৰ মতে, আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে এই সপ্তাহত মধ্যপ্ৰাচ্যলৈ যাত্ৰা কৰিব। ইয়াৰ ভিতৰত ইজৰাইল আৰু পাৰস্য উপসাগৰৰ তিনিখন দেশ। বাইডেন প্ৰশাসনে ইজৰাইলক হেঁচা প্ৰয়োগ কৰিছে যে কেইসপ্তাহমানৰ ভিতৰতে বৃহৎ পৰিসৰৰ স্থল আৰু আকাশী অভিযান শেষ কৰিব লাগে।
আমেৰিকাৰ বিষয়াসকলৰ মতে, অষ্টিনে ইজৰাইলৰ নেতাসকলৰ সৈতে বিশেষ বাহিনীৰ সৰু সৰু গোটৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে। এই গোটসমূহে হামাছৰ সেনাপতি বিচাৰি উলিওৱা আৰু হত্যা কৰা, পণবন্দীসকলক উদ্ধাৰ কৰা আৰু সুৰংগ ধ্বংস কৰাৰ বাবে অধিক নিখুঁত অভিযান আৰম্ভ কৰিব। জাৰ্মানী আৰু ব্ৰিটেইনেও ইজৰাইলৰ প্ৰতি পূৰ্বৰ সম্পূৰ্ণ সমৰ্থনৰ পৰা এক বৃহৎ পৰিৱৰ্তন ঘটাই ‘স্থায়ী যুদ্ধবিৰতি’ৰ পোষকতা কৰিছিল বুলি কাকতখনে কয়।
গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতি দি নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰা অনুসৰি মৃত্যুৰ সংখ্যা ২০ হাজাৰৰ কাষ চাপিছে। ইয়াৰ ভিতৰত আছে একেটা পৰিয়ালৰ ১০০ৰো অধিক লোক।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
