










































যোৰহাট, ১৭ ডিছেম্বৰ ( হি স)। সামাজিক দ্বায়বদ্ধতা অনুভৱ কৰি প্ৰতিজন সাংবাদিকৰে মন থাকে আৰ্তজনক সহায় কৰিবলৈ। বহু সময়ত বাতৰি পৰিবেশন কৰাৰ সমান্তৰালকৈ আৰ্তজনক বিভিন্ন ধৰণেৰে সাংবাদিকে সহায় কৰা ঘটনা নজিৰবিহীন নহয়। তাৰে এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে যোৰহাটৰ এজন যুৱ সাংবাদিক কংকন জ্যোতি শৰ্মাই। যোৱা দহটা বছৰে নিজৰ কষ্টোপাৰ্জিত ধনৰ কিছু দৈনন্দিন খৰচ ৰাহি কৰি জিলাখনৰ অসহায় তথা পদপথৰ ব্যক্তিসকলক বিশেষকৈ জাৰৰ দিনত এখনকৈ কম্বল প্ৰদান কৰি মানৱতাৰ পৰিচয় দাঙি ধৰি বিশেষ চৰ্চা লাভ কৰিছে।
গত বছৰৰ দৰে জিলাখনৰ অন্যান্য স্থানৰ লগতে টীয়কৰ কেইবাগৰাকীও আৰ্ত লোকক আজি সন্ধিয়া একোখনকৈ কম্বল প্ৰদান কৰে সাংবাদিক কংকন শৰ্মাই। উল্লেখযোগ্য যে দহ বছৰীয়া এই যাত্ৰাত বহুজন সমাজ হিতৈষী ব্যক্তিয়ে এই ক্ষেত্ৰত সাংবাদিক গৰাকীক সহায়ৰ হাত আগবঢ়াই আহিছে আৰু এইবাৰ এই মহৎ কাৰ্যসূচীত চুতীয়া জাতি বিকাশ পৰিষদৰ ৰাজ্যিক আহ্বায়ক তথা যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী ৰাজ বাঢ়ৈ বৰা বিশেষভাৱে উপস্থিত থাকি সহযোগিতা আগবঢ়াইছে।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
