ইটানগৰ, ১৭ ডিছেম্বৰ(হি.স.)। অৰুণাচলৰ টিৰাপ জিলাৰ লাজু ৰাজহ চক্ৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপত শনিবাৰে বিয়লি প্ৰায় ৩ বজাত প্ৰাক্তন বিধায়ক যুমচেন মাটেক গুলীয়াই হত্যা কৰা হয়। অৰুণাচল প্ৰদেশ আৰক্ষীৰ পি আৰ অ’ ৰোহিত ৰাজভীৰ সিঙে মাটেৰ হত্যাকাণ্ড নিশ্চিত কৰিছে।
অৰুণাচল প্ৰদেশ আৰক্ষীৰ পি আৰ অ’ ৰোহিত ৰাজভীৰ সিঙৰ মতে, মাটেক গুলীয়াই হত্যা কৰা ঠাইখন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা বৰ বেছি আঁতৰত নহয়। প্ৰাক্তন বিধায়কগৰাকীৰ সৈতে একাংশ কৰ্মীও আছিল । মাটেয়ে ৰাহো পৰিভ্ৰমণ কৰিবলৈ গৈ আছিল। এই সময়ছোৱাত এজন ব্যক্তিয়ে তেওঁক ৰখাই ব্যক্তিগতভাৱে কথা পতাৰ ইচ্ছা প্ৰকাশ কৰিছিল। ইয়াৰ পিছত মাটেই তেওঁৰ লগত অকলে এটা পাহাৰৰ ফালে গ’ল। কিছু সময়ৰ পাছত কৰ্মীসকলে বন্দুকৰ গুলীৰ শব্দ শুনিলে। দৌৰি গৈ পাহাৰৰ ওচৰত উপস্থিত হয় আৰু তাতেই তেজৰে তুমুৰলি হৈ থকা অৱস্থাত উদ্ধাৰ হয় ইউমচেন মাটে।
হিন্দুস্থান সমাচাৰ/ টাগু/মনোজ
