গুৱাহাটী, ১৫ ডিছেম্বৰ (হি.স.): মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ইণ্টেলিজেঞ্চ ব্যুৰো (আইবি)ৰ সঞ্চালক তপন কুমাৰ ডেকাৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
উচ্চ পৰ্যায়ৰ বাৰ্তালাপে ৰাজ্য আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহৰ মাজত সহযোগিতামূলক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। বাতৰি অনুসৰি, মুখ্যমন্ত্ৰীয়ে দিল্লীৰ অসম হাউচত আইবি প্ৰধানৰ সৈতে এই বৈঠকত মিলিত হয়।
উল্লেযোগ্য যে মুখ্যমন্ত্ৰীয়ে ১৩ ডিছেম্বৰত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এনএছএ) অজিত ডোভাল আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এখন বৈঠকত মিলিত হৈছিল। মুখ্যমন্ত্ৰীয়ে কৈছিল যে ৰাজ্য চৰকাৰে লোকসভা নিৰ্বাচনৰ পিছত আলফা (স্বাধীন)ৰ সৈতে শান্তি আলোচনাত লিপ্ত হ’বলৈ চেষ্টা কৰিব।
শৰ্মা আৰু ডেকাৰ মাজৰ এইখন বৈঠকত অসমৰ নিৰাপত্তা আৰু উন্নয়নসম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়বোৰৰ উপৰত আলকপাত কৰা হয়। অসমৰ নাগৰিকসকলৰ সুৰক্ষা আৰু সমৃদ্ধি বৃদ্ধিৰ বাবে সন্ত্ৰাসবাদ বিৰোধী, চোৰাংচোৱা আদান-প্ৰদান আৰু ৰণনীতিৰ দৰে বিষয়বোৰ আলোচনাৰ বাবে আহিছিল।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ/মনোজ
