
বৰপেটা, ১৫ ডিছেম্বৰ (হি.স.): বজালীৰ হলংবাৰীত বৃহস্পতিবাৰে আবেলি ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত জাহ যায় এটি খেৰৰ পুঁজি ।
কেনেকৈ সংঘটিত হয় অগ্নি কাণ্ড এতিয়াও জানিব পৰা নাই। স্থানীয় লোকৰ তৎপৰতাত ঘটনাস্থলীত উপস্থিত বাঘমাৰা অগ্নিনিৰ্বাপক বাহিনী। হলংবাৰীৰ কৃষক হিকমত আলী নামৰ লোকজনৰ খেৰৰ পুঁজিত সংঘটিত হয় অগ্নিকাণ্ড। প্ৰায় ৪/৫ বিঘা বিঘা মাটিৰ খেৰ উক্ত অগ্নিকাণ্ডত ভস্মীভূত হয়। ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
