নতুন দিল্লী, ১৩ ডিছেম্বৰ (হি.স.)। কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দেশ একত্ৰিত বুলি মন্তব্য কৰে। বুধবাৰে ২০০১ চনত সংসদ ভৱন চৌহদত সংঘটিত আক্ৰমণৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত খৰ্গে টুইটাৰত লিখিছে – আমি তেওঁলোকৰ অদম্য সাহসক প্ৰণাম জনাইছো আৰু তেওঁলোকৰ ওচৰত সদায় ঋণী হৈ থাকিম। আমাৰ সমবেদনা তেওঁলোকৰ পৰিয়ালৰ লগত আছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত দৃঢ়ভাৱে ঐক্যবদ্ধ।
কংগ্ৰেছে টুইটাৰত লিখিছে যে আজি কংগ্ৰেছৰ সভানেত্ৰী খৰ্গে আৰু দলৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীয়ে সংসদ আক্ৰমণৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গণতন্ত্ৰৰ মন্দিৰ ৰক্ষা কৰি প্ৰাণ আহুতি দিয়া এই শ্বহীদসকলৰ প্ৰতি দেশ সদায় ঋণী হৈ থাকিব। উল্লেখযোগ্য যে ২০০১ চনৰ ১৩ ডিছেম্বৰত সংসদত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত সংসদ গৃহৰ গাৰ্ড আৰু দিল্লী আৰক্ষীৰ জোৱানকে ধৰি মুঠ ৯ জন লোক শ্বহীদ হৈছিল।
হিন্দুস্থান সমাচাৰ/আশুতোষ/মনোজ
