মৰিগাঁও, ১৩ ডিছেম্বৰ (হি.স.):মৰিগাঁও জিলাৰ গড়াখহনিয়া গ্ৰস্ত ৰাইজৰ সাহাৰ্যাৰ্থে আৰু ভাৰত স্কাউটছ এণ্ড গাইডছৰ উদ্যোগত আৰু ‘লুইতপৰীয়া সাংস্কৃতিক গোষ্ঠী’ৰ সহযোগত মৈৰাবাৰীত অনুষ্ঠিত কৰা হৈছে সাংস্কৃতিক সন্ধিয়াৰ। অহা ২০ ডিছেম্বৰ বুধবাৰে মৈৰাবাৰী নুৰুল আমিন খেল পথাৰত ভূগু কাশ্যপৰ সংগীত অনুষ্ঠানটি অনুষ্ঠিত কৰা হ’ব।
অনুষ্ঠানটিৰ উদ্যোগতা সকলে জানিব দিয়া অনুসৰি ভূগু কাশ্যপৰ লগত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় নিত্য শিল্পী মৌলিস্কা আনন্তৰ লগতে অন্যান্য কেইবাগৰাকী জনশিল্পী । উক্ত সাংস্কৃতিক অনুষ্ঠানটি সাফল্যমন্ডিত কৰিবলৈ সকলোৰে সহায় সহযোগিতা আন্তাৰিকতাৰে কামনা কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
