ডিব্ৰুগড়, ১২ ডিছেম্বৰ (হি স)। সৰ্বভাৰতীয় বিশ্ববিদ্যালয় সন্থাৰ (Association of Indian Universities) অধীনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুস্থিত হৈছে আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা। দেশৰ ৬৫ খন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত দাসে। প্রতিবছৰে সৰ্বভাৰতীয় বিশ্ববিদ্যালয় সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্ত: বিশ্ববিদ্যালয় বেডমিন্টন প্রতিযোগিতাখনি ডিব্রুগড় বিশ্ববিদ্যালয়ত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে ।
অহা ১৫ ডিছেম্বৰলৈকে অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতা খনত বৌদ্ধ গয়াৰ মগধ বিশ্ববিদ্যালয়, গড়খপুৰৰ দীন দয়াল উপাধ্যায় বিশ্ববিদ্যালয়, ৰায়পুৰৰ পি.টি. ৰবী শংকৰ শোক্লা বিশ্ববিদ্যালয়, কলকাতা বিশ্ববিদ্যালয়,কটক শ্ৰী শ্ৰী ইউনিভাৰ্ছিটি, যুধপুৰ ইউনিভাৰ্ছিটি কে ধৰি ভাৰতবৰ্ষৰ ৬৫ খন বিশ্ববিদ্যালয়ৰ প্রায় ৬০০ জন খেলুৱৈয়ে অংশগ্ৰহন কৰিছে । ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পদক প্রাপ্ত কেইবাগৰাকীও খেলুৱৈয়ে অংশগ্রহণ কৰা প্রতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দাসে প্ৰতিযোগীতা খন অতি উচ্চ মানৰ হ’ব বুলি আশা কৰা লগতে ক্ৰীড়া প্ৰেমী সকলক উপকৃত কৰিব বুলি আশা কৰিছে। উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য, পঞ্জীয়ক সহ ক্ৰীড়া বিষয়া সকল উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
