নতুন দিল্লী, ১২ ডিছেম্বৰ (হি.স.)। কংগ্ৰেছৰ সাংসদগৰাকীৰ কথিত নগদ ধনৰ কেলেংকাৰীক লৈ ভাৰতীয় জনতা পাৰ্টিৰ অহৰহ আক্ৰমণ অব্যাহত আছে। মঙলবাৰে ইয়াত এখন সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। এই দলৰ (কংগ্ৰেছ) নাম দুৰ্নীতি দল হ’ব লাগে বুলিও তেওঁ কয়। তেওঁ কয় যে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰজোঁট আইএনডিআইএৰ বহু নেতা দুৰ্নীতিৰ সৈতে জড়িত। ইয়াৰে কিছুমান জেলত আৰু কিছুমান জামিনত আছে।
কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে কয় যে মোডীৰ নিশ্চয়তা জনসাধাৰণৰ সেৱাৰ নিশ্চয়তা। দুৰ্নীতিগ্ৰস্তক উদঙাই দিয়াৰ নিশ্চয়তা আছে। দুৰ্নীতিগ্ৰস্তৰ লগত আছে কংগ্ৰেছ। ধীৰাজ সাহুৰ সৈতে ৰাহুল গান্ধীৰ ঘনিষ্ঠতাৰ কথা উল্লেখ কৰি কিৰেন ৰিজিজুৱে কয় যে কংগ্ৰেছে নগদ ধনৰ কেলেংকাৰীৰ উত্তৰ দিব লাগে।
কিছুদিন পূৰ্বে গঠন হোৱা নতুন বিৰোধী মিত্ৰজোঁটৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীকে ধৰি সকলো নেতাই এই বিষয়ত মৌনতা অৱলম্বন কৰিছে বুলিও তেওঁ কয়। কংগ্ৰেছৰ নীতি হৈছে লুটপাত আৰু আনক লুটপাত কৰিবলৈ দিয়া। ৰিজিজুৱে কয় যে কংগ্ৰেছৰ সৈতে জড়িত এই দুৰ্নীতিৰ ৰোগ নিৰাময়ৰ নিশ্চয়তা লৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
হিন্দুস্থান সমাচাৰ / বিজয়লক্ষ্মী/মনোজ
