বিশ্বনাথ, ১১ ডিচেম্বৰ (হি.স.)। এটা হেড লাইট জ্বলাই ট্ৰেক্টৰ চলাই অহাৰ বাবেই গহপুৰত প্ৰাণ গ’ল এজন বাইক চালকৰ। গহপুৰত একাংশ ট্ৰেক্টৰ চালকে বুলেট ট্ৰেইনৰ গতিৰে চলাই ট্ৰেক্টৰ। যাৰ ফলত বহু সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে গহপুৰৰ বিভিন্ন প্ৰান্তত।
দেওবাৰে নিশা তেনে এক দুৰ্ঘটনা সংঘটিত হ’ল গহপুৰৰ ডাঠকলাত। অতিৰিক্ত বোজা কঢ়িয়াই দ্ৰুত বেগত অহা ট্ৰেক্টৰে বাইক আৰোহীক খুন্দা মৰাৰ ফলত নিহত হয় বাইক আৰোহী জন। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি ট্ৰেক্টৰ খনৰ দুটা হেড লাইটৰ এটা লাইট জ্বলাৰ বাবেই বাইক আৰোহীজনে ট্ৰেক্টৰ নে বাইক ধৰিব নোৱাৰাৰ ফলতেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। নিহত বাইক আৰোহী জন ডাঠকলাৰ ৰাজেন দৰ্জী বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি বালিজান-ডাঠকলা অঞ্চলত একাংশ ট্ৰেক্টৰ চালকৰ দৌৰাত্ম্য চলি আহিছে। অতিৰিক্ত ভাবে বোজা কঢ়িয়াই কোনো গুৰু গোঁসাই নামানি দ্ৰুত বেগত ট্ৰেক্টৰ চালকে ট্ৰেক্টৰ চলোৱাৰ বাবেই এজন লোকে কৰুণ মৃত্যুক সাবতিব লগা হোৱাত স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.
