গেংটক, ১১ ডিছেম্বৰ (হি.স.)। আধ্যাত্মিক নেতা চতুৰ্দশ দালাই লামা আজিৰ পৰা (সোমবাৰ) চাৰিদিনীয়া ভ্ৰমণসূচীৰে ছিকিম ভ্ৰমণ কৰিব। তেওঁ কাইলৈ ১২ ডিছেম্বৰত ৰাজধানী গেংটকত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আনহাতে ১৪ ডিছেম্বৰত ছিকিমৰ পৰা উভতি আহিব দালাই লামা।
দালাই লামাৰ আগমনৰ বাবে ৰাজ্যত ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। তেওঁৰ দৰ্শনৰ বাবে ছিকিমৰ ছয়খন জিলাৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰাও বৃহৎ সংখ্যক অনুগামী উপস্থিত থাকিব। এই কথা মনত ৰাখি কটকটীয়া নিৰাপত্তা আৰু যান-বাহনৰ মসৃণ গতিবিধি নিশ্চিত কৰাৰ বাবে সকলো প্ৰস্তুতি কৰা হৈছে।
কাইলৈ (মঙলবাৰ) ইয়াৰ পালজোৰ ষ্টেডিয়ামত ধৰ্মধ্বনি প্ৰদান কৰাৰ লগতে অনুগামীসকলক আশীৰ্বাদ প্ৰদান কৰিব দালাই লামাই। তেওঁৰ বক্তৃতাত ‘বধিসত্ত্বৰ ৩৭ প্ৰথা আৰু বোধিসত্ত্ব সৃষ্টি অনুষ্ঠান’ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, মন্ত্ৰী, বিধায়ক আৰু অন্যান্য বিশিষ্ট নাগৰিক উপস্থিত থাকিব। ১৩ ডিছেম্বৰত জিৰণি লৈ ১৪ ডিছেম্বৰত ছিকিমৰ পৰা উভতি আহিব। মন কৰিবলগীয়া যে ইয়াৰ আগতে তেওঁ অক্টোবৰ মাহত ছিকিমলৈ অহাৰ কথা আছিল। কিন্তু ৩/৪ অক্টোবৰৰ নিশা তীস্তা বানপানীৰ বাবে তেওঁৰ কাৰ্যসূচী পিছুৱাই দিয়া হয়।
হিন্দুস্থান সমাচাৰ/বিশাল/মনোজ
