
ডিব্ৰুগড়, ১১ ডিছেম্বৰ (হি স)। অইল ইণ্ডিয়া লিমিটেডৰ কণ্ডেনচেট তেলৰ চোৰাং চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাইছে। এই অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কণ্ডেনচেট তেলসহ এজনক হাতে-লোটে আটক কৰে আৰক্ষীয়ে ।
জানিব পৰামতে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি দুলীয়াজানৰ ১৬ নম্বৰ তিনিআলিত এএছ ২৩ ডিচি ২০৪৮ নম্বৰৰ টাটা এ চি ই বাহনখনত মিনাৰেল ৱাটাৰ কঢ়িয়াই অনা অৱস্থাত জব্দ কৰে । পিচত মিনাৰেল ৱাটাৰৰ বটল সমূহ আৰক্ষীয়ে পৰীক্ষা কৰাৰ পিচত জোলোঙাৰ মেকুৰী ওলাই পৰে । এটা তেল চুৰি চক্ৰই দীৰ্ঘদিনৰ পৰা অভিনৱ কৌশলেৰে মিনাৰেল ৱাটাৰ বটলত অইলৰ চোৰাং কণ্ডেনচেট তেলৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছিল ।
জানিব পৰামতে দুলীয়াজানৰ ভাদৈ পাঁচআলিৰ পৰা শিৱসাগৰলৈ চালান দিবৰ বাবে নিয়াৰ সময়তেই অইলৰ চোৰাং কণ্ডেনচেট তেল আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় । শেহতীয়াকৈ আৰক্ষীয়ে জব্দ কৰা বাহন খনৰ চালক ডিব্ৰুগড় জিলাৰ জয়পুৰ লেবাংকুলাৰ মণ্টু মেছক আটক কৰি দুলীয়াজান আৰক্ষী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
