তেহৰাণ, ১১ ডিছেম্বৰ (হি.স.)। পূব ইৰাণৰ বীৰজান্দ বিশেষ অৰ্থনৈতিক মণ্ডলত অৱস্থিত হাইড্ৰ’কাৰ্বন শোধনাগাৰত দেওবাৰে অগ্নিকাণ্ড সংঘটিত হোৱা পাছত বৃহৎ বিস্ফোৰণৰ বাবেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শোধনাগাৰটোৰ ১৮টা ষ্ট’ৰেজ ইউনিটকে আগুৰি ধৰে জুইৰ শিখাই। এতিয়াও নিৰ্বাপিত হোৱা নাই জুই। এই বিশেষ অঞ্চলটো দক্ষিণ খোৰাছান প্ৰদেশত।
ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, এইটো এটা সৰু শোধনাগাৰ। দুৰ্ঘটনাটোত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। ক্ষয়-ক্ষতিৰ মূল্যায়ন এতিয়াও কৰা হোৱা নাই। গভৰ্ণৰ আলী ফাজেলীয়ে কয় যে শোধনাগাৰৰ ১৮টা ষ্ট’ৰেজ ইউনিটতে জুই বিয়পি পৰিছে। ইয়াৰ বাবে তিনিটা ষ্ট’ৰেজ ইউনিট ফাটি গৈছে। ভয়াৱহ পৰিস্থিতিৰ বাবে উদ্ধাৰকাৰী দলসমূহ ঘটনাস্থলীৰ পৰা সাময়িকভাৱে আঁতৰি গৈছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
