নতুন দিল্লী, ১১ ডিছেম্বৰ (হি.স.)। আজি (সোমবাৰ)ৰ পৰা উত্তৰ প্ৰদেশলৈ দুদিনীয়া ভ্ৰমণলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। অহা ১১ ডিচেম্বৰত বাৰাণসীত মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ ৪৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই তথ্য পিআইবিৰ বিজ্ঞপ্তিত দিয়া হৈছে।
প্ৰকাশ কৰা অনুসৰি, ইয়াৰ পিছত ৰাষ্ট্ৰপতিয়ে লক্ষ্ণৌত ডিভাইন হাৰ্ট ফাউণ্ডেশ্যন (ভাৰত)ৰ ২৭ বছৰীয়া সম্পূৰ্ণতা উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সন্ধিয়া অংশগ্ৰহণ কৰিব। পিছদিনা ১২ ডিছেম্বৰত ৰাষ্ট্ৰপতিগৰাকীয়ে লক্ষ্ণৌৰ ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ দ্বিতীয় সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
