নলবাৰী,১০ ডিচেম্বৰ (হি.স.)। বৰভাগত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ শুভাৰম্ভ৷ শ্বহীদ মুকুন্দ কাকতি হাইস্কুল খেলপথাৰত আয়োজিত উক্ত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অনুষ্ঠানত নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে অংশগ্ৰহণ কৰে৷
বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৪৭(১)নং উপৰ বৰভাগ গাওঁ পঞ্চায়তৰ অধীনত আয়োজিত উক্ত অনুষ্ঠানত বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা, নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত চয়নিকা ঠাকুৰীয়া,বৰভাগ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অপূৰ্ব চক্ৰৱৰ্তী, নলবাৰী জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া মুন গগৈ,ৱৰভাগ জিলা পৰিষদৰ সদস্য পদুমী দাস,৪৭(১) উপৰ বৰভাগ গাওঁ পঞ্চায়তৰ সভাপতি মিন্টু ডেকা আদি কৰি জিলা প্ৰশাসনিক বিষয়া সকলৰ লগতে অজস্ৰ হিতাধিকাৰী তথা ৰাইজ উপস্থিত থাকে৷ অনুষ্ঠানত চৰকাৰী বিভিন্ন বিভাগে নিজা নিজা হিতকাৰীৰ কামকাজ প্ৰদৰ্শন কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে সকলো ৰাইজকে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ সংকল্প পাঠ কৰায়।
হিন্দুস্থান সমাচাৰ /প্ৰকাশ/ৰমেন/আলোক.
