গোলাঘাট, ১০ ডিছেম্বৰ (হি স)। ৰাসৰ উন্মাদনাৰ মাজতে শনিবাৰে নিশা ফ্লাড লাইটৰ তলত এখন উত্তেজনাপু্ৰ্ণ ফুটবল খেল উপভোগ কৰিলে গোলাঘাটবাসীয়ে । শ্বিলং লাজং একাদশ বনাম চিৰাং এফ চি একাদশৰ মাজত অনুষ্ঠিত হয় গোলাঘাট জিডিএছএ আমন্ত্ৰণ মুলক নৈশ ফুটবলৰ চুড়ান্ত খেলখন।
গোলাঘাট জিলা ক্ৰীড়া সংস্থাৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা আমন্ত্ৰণ মুলক এই ফুটবল প্ৰতিযোগিতাৰ আজি চুড়ান্ত খেলখনত শ্বিলং লাজং দলক ১-০ গলত পৰাজিত কৰে চিৰাং এফ চিয়ে। প্ৰায় পোন্ধৰ হাজাৰ দৰ্শকে উপভোগ কৰে খেলখন। বিধায়ক মৃণাল শইকীয়াই উদ্ধোধন কৰা খেলখনৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
