
ধেমাজি, ০৯ ডিছেম্বৰ (হি স)। ধেমাজিত আৰম্ভ হৈছে নাটকৰ মহাৰণ ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এমেছাৰ নাট্যগোষ্ঠী সমূহে ভাগ লৈছে পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণি সদৌ অসম একাংক নাট প্ৰতিযোগীতাত ৷
শুক্ৰ আৰু শনিবাৰে দুদিনীয়াকৈ অনুস্হিত হোৱা এই প্ৰতিযোগীতাৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে অসমৰ এগৰাকী প্ৰথিতযশা সাংস্কৃতিক কৰ্মীক প্ৰদান কৰি আহিছে পদ্মনাথ গোহাঞিবৰুৱা নাট্য বঁটা ৷ এইবাৰ এই বটাঁ প্ৰদান কৰা হৈছে সাহিত্যিক, শিল্পী তথা ধেমাজিৰ বিশিষ্ট নাট্যকৰ্মী ড° পুষ্প গগৈক ৷ নাট প্ৰতিযোগিতা আৰু প্ৰতিযোগিতা উপলক্ষে প্ৰকাশ কৰা স্মৃতি গ্ৰন্থ “নাট্য প্ৰজ্ঞা” উন্মোচন কৰে মন্ত্ৰী ডা° ৰনোজ পেগুৱে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
