লছ এঞ্জেলছ, ০৯ ডিছেম্বৰ (হি.স.)। বিখ্যাত আমেৰিকান অভিনেতা ৰিয়ান অ’নিলৰ ৮২ বছৰ বয়সত মৃত্যু হয়। সত্তৰৰ দশকৰ হলিউডৰ হাৰ্টথ্ৰব হিচাপে পৰিচিত ৰিয়ানে লাভ ষ্ট’ৰী, ৱাটছ এপ, ডাক্তৰ? আৰু পেপাৰ মুনৰ দৰে ছবিত শক্তিশালী অভিনয় কৰিছিল।
তেওঁৰ পুত্ৰ পেট্ৰিক অ’নিলে ইনষ্টাগ্ৰামত এটা পোষ্টযোগে পিতৃৰ মৃত্যু নিশ্চিত কৰিছে বুলি দ্য নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছে। কিন্তু পোষ্টটোত মৃত্যুৰ কাৰণৰ কথাও উল্লেখ কৰা হোৱা নাছিল আৰু ক’ত মৃত্যু হৈছিল সেই কথাও স্পষ্ট কৰা হোৱা নাছিল। লাভ ষ্ট’ৰীৰ জৰিয়তে ৰাতিটোৰ ভিতৰতে চিনেমাৰ তাৰকা হৈ পৰে ৰিয়ান অ’নিল। এই ছবিখনেই আছিল সেই সময়ৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি।
বাতৰি কাকতখনৰ মতে, অভিনেতা অ’নিলে ডেৰ শতিকা ধৰি ডাঙৰ আৰু সৰু দুয়োটা পৰ্দাতে কাম কৰিছিল। অভিনেত্ৰী ফাৰাহ ফ’চেটৰ সৈতে দীৰ্ঘদিনীয়া ৰোমাঞ্চৰ বাবেও অ’নিল পৰিচিত। অ’নিলৰ অভিনয় কেৰিয়াৰৰ উত্থান ঘটিছিল যেতিয়া তেওঁ নিশাৰ ছ’প অপেৰা পেইটন প্লেচত এটা চৰিত্ৰত অভিনয় কৰিছিল। লাভ ষ্ট’ৰীত আলী মেকগ্ৰ’ৰ সৈতে অভিনয় কৰিছিল। এই ছবিখনৰ বাবে তেওঁ অস্কাৰৰ বাবে মনোনীত হৈছিল। ছবিখনে বক্স অফিচত চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ইৰিখ চেগালৰ জনপ্ৰিয় উপন্যাস লাভ ষ্ট’ৰীৰ আধাৰত নিৰ্মিত এই ছবিখন।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
