-২০২৩-২৪ বিত্তীয় বৰ্ষত জিডিপি বৃদ্ধি সাত শতাংশ হ’ব বুলি অনুমান
মুম্বাই, ০৮ ডিছেম্বৰ (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকে সুতৰ হাৰত কোনো সালসলনি কৰা নাই। লগতে, একেৰাহে পঞ্চমবাৰৰ বাবে মূল নীতিগত ৰেপ’ হাৰ ৬.৫০ শতাংশত ৰখাৰ ফলত চলিত বিত্তীয় বৰ্ষ ২০২৩-২৪ত মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধি সাত শতাংশ বুলি অনুমান কৰা হৈছে।
আজি (শুকুৰবাৰে) আৰ বি আইৰ গভৰ্ণৰ শক্তিকান্ত দাসে এক সংবাদমেলত কয় যে মুদ্ৰানীতি সমিতিয়ে সুতৰ হাৰৰ কোনো পৰিৱৰ্তন নকৰাকৈয়ে সৰ্বসন্মতিক্ৰমে ৰেপো ৰেট ৬.৫০ শতাংশত ৰাখিছে। দাসে কয় যে ফলস্বৰূপে ষ্টেণ্ডিং ডিপ’জিটৰ সুবিধাৰ হাৰ ৬.২৫ শতাংশ আৰু প্ৰান্তীয় ষ্টেণ্ডিং ফেচিলিটিৰ হাৰ আৰু বেংকৰ হাৰ ৬.৭৫ শতাংশত আছে।
যোৱা ৬ ডিছেম্বৰৰ পৰা চলি থকা এমপিচিৰ তিনিদিনীয়া পৰ্যালোচনা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে তেওঁ অৱগত কৰে। শক্তিকান্ত দাসে কয় যে ঘৰুৱা চাহিদাৰ বাবে ভাৰতৰ অৰ্থনীতি অব্যাহত আছে। চলিত বিত্তীয় বৰ্ষত জিডিপি বৃদ্ধি সাত শতাংশ হ’ব বুলি অনুমান কৰা হৈছে। তৃতীয় ত্ৰৈমাসিকত ৬.৫ শতাংশ আৰু চতুৰ্থ ত্ৰৈমাসিকত ৬ শতাংশ হ’ব। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ বাবে বাস্তৱিক জিডিপি বৃদ্ধিৰ হাৰ ৬.৭ শতাংশ, দ্বিতীয় ত্ৰৈমাসিকৰ বাবে ৬.৫ শতাংশ আৰু তৃতীয় ত্ৰৈমাসিকৰ বাবে ৬.৪ শতাংশ বুলি অনুমান কৰা হৈছে।
উল্লেখযোগ্য যে একেৰাহে পঞ্চমবাৰৰ বাবে ৰিজাৰ্ভ বেংকে পলিচি ইন্টাৰেষ্ট ৰেপ’ ৰেপ’ ৰেট ৬.৫০ শতাংশ অপৰিৱৰ্তিত ৰাখিছে। শেষবাৰৰ বাবে ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত আৰ বি আইয়ে ৰেপো ৰেট ৬.৫০ শতাংশলৈ বৃদ্ধি কৰিছিল, তেতিয়াৰ পৰা ইয়াৰ কোনো পৰিৱৰ্তন হোৱা নাই। ৰেপো ৰেট হ’ল আৰ বি আইয়ে আন বেংকক ঋণ দিয়া সুতৰ হাৰ।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ
