
নগাঁও, ০৮ ডিছেম্বৰ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ লাওখোৱা গাঁও পঞ্চায়তত চুৰি কাৰ্য অব্য়াহত আছে। ইয়াৰ মাজতে চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল গভাইত চোৰ। দীৰ্ঘদিনৰ পৰাই লাওখোৱা গাঁওপঞ্চায়ত কাৰ্যালয়ত চোৰে চলাই আহিছিল চাফাই অভিযান।
গাঁওপঞ্চায়ত থকা বিভিন্ন সামগ্ৰী চুৰি কৰাৰ লগতে পঞ্চায়ত খনৰ কেবাটাও ফেন চুৰ কৰাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজ। কালি সন্দিয়া আন্ধাৰৰ সুযোগলৈ চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোহত পৰিল চোৰটো। আটকাধিন চোৰটো লৰিমুখৰ কেৰামত আলি বুলি জানিব পৰা গৈছে। ঘটনা স্থলীত আমবাগান আৰক্ষী উপস্থিত আটক কৰি থানাত লৈ যায় চোৰটোক।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
