গাজা/টেল আভিভ, ০৬ ডিছেম্বৰ (হি.স.)। ইজৰাইল আৰু পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ মাজত গাজা ষ্ট্ৰিপত যুদ্ধ আজি (বুধবাৰে) ৬১ সংখ্যক দিনত আু তীব্ৰতৰ হৈ পৰে। ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে দক্ষিণ গাজাৰ সৰ্ববৃহৎ চহৰ খান ইউনিছক ঘেৰাও কৰি পলায়নৰ সকলো পথ বন্ধ কৰি দিছে। খান ইউনিছত নিৰ্মিত সুৰংগত আত্মগোপন কৰি থকা হামাছৰ সেনাপতিসকলক লক্ষ্য কৰি লোৱাটোৱেই হৈছে নিৰাপত্তা বাহিনীৰ অগ্ৰাধিকাৰ। নিশাৰ ভাগত কমেও চাৰিজন কমাণ্ডাৰ আৰু কেইবাজনো সহকাৰী নিহত হয়।
ইজৰাইলৰ আগশাৰীৰ বাতৰি কাকত দ্য টাইমছ অৱ ইজৰাইলৰ মতে, ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে স্কুল আৰু চিকিৎসালয়ত নিৰ্মিত সুৰংগত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীক তালাচী চলাই হত্যা কৰি আছে। ৰকেট, মৰ্টাৰ আৰু মিছাইল নিক্ষেপ কৰা হৈছে। কিছুদিনৰ পূৰ্বে উত্তৰ পশ্চিম পাৰত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুজন পেলেষ্টাইনী নিহত হৈছিল। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে যুদ্ধৰ পিছত গাজাক অসামৰিকীকৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী (আইডিএফ)ৰ ওপৰত আস্থা আছে যে তেওঁলোকে তেনে কৰিব।
বাতৰি কাকতখনৰ মতে, এই আক্ৰমণত লেবাননৰ এজন জোৱানৰ মৃত্যুৰ বাবে আইডিএফে ক্ষমা বিচাৰিছে। আইডিএফে কয় যে হিজবুল্লাহ পোষ্টৰ প্ৰতি প্ৰকৃত ভাবুকি নিষ্ক্ৰিয় কৰিবলৈ সৈন্যই কাম কৰি আছে। লক্ষ্যত উপনীত হোৱা নাছিল লেবাননৰ সেনা। আইডিএফৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল হাৰ্জি হালেভিয়ে কয় যে দক্ষিণ গাজাৰ খান ইউনিছ অঞ্চল সম্পূৰ্ণৰূপে ঘেৰি ৰখা হৈছে। ইয়াত উত্তৰ গাজা ষ্ট্ৰিপ ব্ৰিগেডৰ কেইবাজনো হামাছৰ কমাণ্ডাৰ আৰু অপাৰেটিভক বাহিনীয়ে হত্যা কৰিছে। চিকিৎসালয়খনৰ সমীপত অৱস্থিত এটা সুৰংগত আত্মগোপন কৰি আছিল এইসকল লোক।
দক্ষিণ গাজালৈ মানৱীয় সাহায্যৰ গতি লেহেমীয়া কৰাৰ বাবে ৰাষ্ট্ৰসংঘই দায়ী বুলি আইডিএফে প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় আইনৰ পৰিকাঠামোৰ ভিতৰত আইডিএফে যুঁজ দিছে। এই যুদ্ধত হামাছৰ সৰ্ববৃহৎ গাজা ব্ৰিগেডৰ চাৰিজন বেটেলিয়ন কমাণ্ডাৰ নিহত হৈছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
