শিৱসাগৰ, ০৫ ডিছেম্বৰ (হি.স.)। শিৱসাগৰত বান্ধি থোৱা অৱস্থাত খুঁটিৰ পৰাই চুৰি ম’হ হোৱাৰ ঘটনা ঘটিছে। জোনাকী নগৰৰ পথাৰৰ ম’হৰ খুঁটিৰ পৰা ৩ টা ম’হ চুৰি কৰা হৈছে।
জানিব পৰামতে, ঢুলীয়াপাৰৰ পিয়াংকু বৰা নামৰ এজন যুৱকৰ আছিল ম’হ কেইটা। নিশা বান্ধি থৈছিল জোনাকী নগৰৰ পথাৰৰ খুঁটিত। ঘটনাৰ সন্দৰ্ভত জয়সাগৰ আৰক্ষী চকীত দাখিল কৰা হৈছে এজাহাৰ। আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/ৰমেন/মনোজ
