কাম্পালা, ০৫ ডিছেম্বৰ(হি.স.)। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ টি-২০ মহিলা বিশ্বকাপ কোৱালিফায়াৰৰ বাবে উগাণ্ডাই ঘোষণা কৰিছে ১৪ জনীয়া ৰাষ্ট্ৰীয় দল। অহা ৭ ডিছেম্বৰৰ পৰা ১৭ ডিছেম্বৰলৈ এণ্টেবে ক্ৰিকেট অ’ভেলত অনুষ্ঠিত হ’বলগীয়া কোৱালিফায়াৰৰ পূৰ্বে সোমবাৰে দল ঘোষণা কৰে প্ৰশিক্ষক লৰেন্স চেচেমাটিম্বাই।
চেচেমাটিম্বাই সংবাদ মাধ্যমত কয় যে আমি এই দলটোক প্ৰস্তুত কৰিবলৈ অতি কঠোৰ পৰিশ্ৰম কৰিছো আৰু অৱশেষত আমি এনে খেলুৱৈক নিৰ্বাচিত কৰিছো যিসকলক কোৱালিফায়াৰত ভাল প্ৰদৰ্শন কৰিবলৈ সাজু বুলি আমি বিশ্বাস কৰোঁ।
নামিবিয়া, নাইজেৰিয়া আৰু ৰুৱাণ্ডাৰ সৈতে গ্ৰুপ বিত আছে উগাণ্ডা। দলটোৰ অধিনায়ক হ’ব কনচি আৱেকো। গ্ৰুপ এত আছে জিম্বাবুৱে, তাঞ্জানিয়া, বটছৱানা আৰু কেনিয়া।
অহা বছৰ ডুবাইত অনুষ্ঠিত হ’বলগীয়া গ্ল’বেল কোৱালিফায়াৰত শীৰ্ষ দুটা দলে যোগ্যতা অৰ্জন কৰিব। বাংলাদেশে আয়োজন কৰিব ২০২৪ চনৰ টি-২০ মহিলা বিশ্বকাপ।
উগাণ্ডা ক্ৰিকেট এছ’চিয়েশ্যনৰ চিইঅ’ এলান মুগুমে কয় যে আমি যাতে ভাল আতিথ্য প্ৰদানকাৰী হ’ব পাৰো তাৰ বাবে সকলো কৰিছো আৰু কোৱালিফায়াৰৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা এটা শক্তিশালী দলো খেলিব।
উগাণ্ডাৰ দলটো তলত দিয়া ধৰণৰ:
কেভিন আৱিনো, প্ৰস্কোভিয়া আলাকো, আইৰিন আলুমো, জেনেট এমবাবাজী, ইভেলিন এনিপো, কনচি আৱেকো (অধিনায়ক), পেট্ৰিচিয়া মালমেকিয়া, ইমাকুলেট নাকিছুয়ু, ষ্টেফানী নাম্পিনা, লৰ্না আনয়াট, ৰীটা মুছামালি, এষ্টাৰ ইলোকু, মালিছা এৰিয়োকট, চাৰা আকিটেং।
অহা ১০ ডিছেম্বৰত ৰুৱাণ্ডাৰ বিৰুদ্ধে কোৱালিফায়াৰত উগাণ্ডাই নিজৰ অভিযান আৰম্ভ কৰিব।
হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ/অৰবিন্দ
