জেৰুজালেম, ০৪ ডিছেম্বৰ (হি.স.)। ইজৰাইলৰ ওপৰত যোৱা ৭ অক্টোবৰত নৃশংস আক্ৰমণ সংঘটিত কৰাৰ পিছত ইজৰাইলে গাজা শাসন কৰা হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এই যুদ্ধ অব্যাহত আছে। ইফালে পেলেষ্টাইনৰ ভূখণ্ডৰ পৰা ‘কাকো স্থানান্তৰিত কৰিবলৈ চেষ্টা কৰা নাই’ বুলি আজি সোমবাৰে ইজৰাইলে স্পষ্ট কৰি দিছে।
গাজাপট্টীৰ পৰিস্থিতি “কঠিন” বুলি স্বীকাৰ কৰিও ইজৰাইলে সোমবাৰে কয় যে তেওঁলোকে পেলেষ্টাইনী সাধাৰণ নাগৰিকক স্থায়ীভাৱে ঘৰ এৰি যাবলৈ বাধ্য কৰাব বিচৰা নাই। পেলেষ্টাইনী বিচ্ছিন্নতাৰ যিকোনো পৰামৰ্শ আৰব বিশ্বত অত্যন্ত বিতৰ্কিত কাৰণ ৭৫ বছৰ পূৰ্বে ইজৰাইলৰ সৃষ্টিৰ সূচনা কৰা যুদ্ধই ৭ লাখ ৬০ হাজাৰ পেলেষ্টাইনীক পলায়ন বা বলপূৰ্বকভাৱে স্থানচ্যুত কৰাৰ জন্ম দিছিল, যিটো পৰিঘটনা নাকবা বা “বিপৰ্যয়” নামেৰে জনাজাত।
ইজৰাইলৰ কৰ্তৃপক্ষৰ মতে, ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত চলোৱা নৃশংস আক্ৰমণৰ পিছত ইজৰাইলে গাজা শাসন কৰা হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ইফালে পেলেষ্টাইন ভূখণ্ডৰ স্বাস্থ্য মন্ত্ৰালয়ে গাজাপট্টীত এতিযালৈকে ১৫,৫০০ৰো অধিক লোকৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছে। এইক্ষেথঅৰত ইজৰাইলৰ অদম্য বোমাবৰ্ষণ আৰু স্থল আক্ৰমণৰ প্ৰভাৱে আন্তঃৰাষ্ট্ৰীয় উদ্বেগ বৃদ্ধি কৰিছে।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ
