জাকাৰ্টা, ০৪ ডিছেম্বৰ (হি.স.)। ইণ্ডোনেছিয়াৰ পশ্চিম সুমাট্ৰাত মাৰাপি আগ্নেয়গিৰিৰ বিস্ফোৰণৰ ফলত কমেও ১১জন পৰ্বতাৰোহীয়ে প্ৰাণ হেৰুৱাইছে। এই সময়ছোৱাত আন ১২ জন নিৰুদ্দেশ হয়। এই তথ্য অনুসন্ধান আৰু উদ্ধাৰকাৰী দলৰ মুখপাত্ৰ জোডি হাৰিয়াভানৰ উদ্ধৃতি দি আল জাজিৰাই দিছে।
আল জাজিৰাৰ তথ্য অনুসৰি সোমবাৰে ১১জন পৰ্বতাৰোহীৰ মৃতদেহ আৰু ৩ জন জীৱিত লোকক উদ্ধাৰ হয়। বিস্ফোৰণৰ সময়ত অঞ্চলটোত ৭৫জন লোক আছিল। দেওবাৰে ২,৮৯১ মিটাৰ (৯,৪৮৫ ফুট) উচ্চতাৰ আগ্নেয়গিৰি বিস্ফোৰণ ঘটে।
মাৰাপি সুমাত্ৰা দ্বীপৰ অন্যতম সক্ৰিয় আগ্নেয়গিৰি। ইয়াৰ আটাইতকৈ মাৰাত্মক বিস্ফোৰণ ১৯৭৯ চনৰ এপ্ৰিল মাহত সংঘটিত হৈছিল। তেতিয়া ৬০ জন লোকৰ মৃত্যু হৈছিল। এইবাৰ জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত বিস্ফোৰণ ঘটিছিল। আগ্নেয়গিৰি বিজ্ঞান সংস্থাৰ তথ্য অনুসৰি ইণ্ডোনেছিয়া প্ৰশান্ত মহাসাগৰৰ ‘ৰিং অৱ ফায়াৰ’ত অৱস্থিত আৰু ইয়াত ১২৭টা সক্ৰিয় আগ্নেয়গিৰি আছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
